ETV Bharat / state

ডিফুত পৰম্পৰাগত আইন সন্দৰ্ভত আলোচনাচক্ৰ - Seminar on Dimasa Customary law

ডিফুত ডিমাচা সকলৰ পৰম্পৰাগত আইন বা কাষ্টমাৰী ল’ আৰু গ্ৰাম পৰিষদৰ সন্দৰ্ভত অনুষ্ঠিত আলোচনাচক্ৰ ৷ কাষ্টমাৰী ল' জিলাখনৰ কোন কোন ঠাইত প্ৰযোজ্য হ’ব আৰু কোন বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হ’ব তাৰ বাবে এখন খচৰা সমিতি গঠন (Seminar on Dimasa Customary law ) ৷

Seminar on  Dimasa Customary law
Seminar on Dimasa Customary law
author img

By

Published : Sep 1, 2022, 10:42 PM IST

ডিফু, 1 ছেপ্টেম্বৰ: ডিফুত বৃহস্পতিবাৰে ডিমাচা সকলৰ কাষ্টমাৰী ল' আৰু গ্ৰাম পৰিষদৰ সন্দৰ্ভত এক আলোচনাচক্ৰ অনুষ্ঠিত হয় (Seminar on Dimasa Customary law ) ৷ ১৯ নং ধনশিৰি পৰিষদীয় সমষ্ঠিৰ এমএচি তিলোত্তমা হাঞ্চুৰ নেতৃত্বত আজি দিনজোৰা কাৰ্যসূচীৰে ফাৰমাৰ্চ এণ্ড গ্ৰ'থ চেণ্টাৰত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ ৷ যোৱা 20 আগষ্টত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে দুই পাৰ্বত্য জিলা কাৰ্বি আংলঙত জনজাতি সকলৰ বাবে ষষ্ঠ অনুসূচী ৰূপায়ণ কৰা হ’ব বুলি ঘোষণা কৰিছিল ৷

ডিফুত পৰম্পৰাগত আইন সন্দৰ্ভত আলোচনাচক্ৰ

পৰিষদৰ এমএচি তিলোত্তমা হাঞ্চুৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা আলোচনাচক্ৰখনত ডিমাপুৰ, হোজাই, নগাওঁ আৰু কাৰ্বি আংলঙৰ ডিমাচা জাতীয় সংগঠন, ভাতৃ আৰু ভগ্নী সংগঠনৰ নেতাৰ লগতে বুদ্ধিজীৱি সকলে অংশ গ্ৰহণ কৰি ডিমাচা কাষ্টমাৰী ল' আৰু গ্ৰাম পৰিষদ গঠন সন্দৰ্ভত বিস্তৃত আৰু মনোজ্ঞ বাখ্যা আগবঢ়ায় ৷ এই বিশেষ আলোচনাচক্ৰত ডিমাচা সাহিত্য সভা,ডিমাচা ছাত্ৰ সন্থা, এডিএছইউ, ডিমাচা মহিলা. সমাজ, ডিমাচা মাতৃ সমাজ, ডিমাচা গাওঁবুঢ়া সমাজে অংশ গ্ৰহণ কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ধনশিৰি পৰিষদীয় সমষ্টিৰ এমএচি তিলোত্তমা হাঞ্চুৱে কয় যে ডিমাচা কাষ্টমাৰী ল'ক উন্নীতকৰণৰ বাবে জিলাখনত প্ৰথমবাৰৰ বাবে এই প্ৰাৰম্ভিক ছেমিনাৰখন অনুষ্ঠিত কৰা হৈছে ৷

পৰৱৰ্তী সময়ত কাষ্টমাৰী ল’ৰ সন্দৰ্ভত তিনিখনকৈ বৈঠক অনুষ্ঠিত হ’ব আৰু তাৰ সমান্তৰালকৈ কৰ্মশালাও অনুষ্ঠিত হ’ব ৷ এই ছেমিনাৰখনত কাষ্টমাৰী ল' জিলাখনৰ কোন কোন ঠাইত প্ৰযোজ্য হ’ব আৰু কোন বিষয়ৰ ওপৰত পৰ্যালোচনা কৰা হ’ব তাৰ বাবে এখন খচৰা সমিতি গঠন কৰা হয় ৷ উক্ত খচৰা সমিতিয়ে ডিমাচা কাষ্টমাৰী ল' আৰু গ্ৰাম পৰিষদৰ উন্নয়ণৰ হকে কাম কৰিব ৷ ডিমা হাছাওত সুকীয়া কাষ্টমাৰী ল' আছে যদিও আজিও ডিজুৱা আৰু ডেমৰাত কাষ্টমাৰী ল' নাই ৷ সেই সমূহ ঠাইৰ বাবে খচৰা সমিতিয়ে প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি জনাইছে এমএচি গৰাকীয়ে ৷

লগতে পঢ়ক: ২২ ছেপ্টেম্বৰত ৰাজ্য চৰকাৰৰ ১২ হাজাৰ নিযুক্তি

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.