ETV Bharat / state

ডিফুত অসম সাহিত্য সভাৰ সহযোগত কাৰ্বি পৌৰাণিক সাহিত্যৰ আলোচনা চক্ৰ

author img

By

Published : Jan 10, 2022, 4:11 PM IST

দেওবাৰে ডিফুৰ ৰাংছিনা ভৱনত অসম সাহিত্য সভাৰ সহযোগত অনুষ্ঠিত কৰা হয় সাহিত্য অকাডেমীৰ কাৰ্বি পৌৰাণিক সাহিত্যৰ সন্দৰ্ভত তিনিখনকৈ আলোচনা সভা ৷ উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে (Rangbang Terang on Karbi ancient literature) ৷

seminar-on-ancient-karbi-literature-held-in-diphu
ডিফুত অসম সাহিত্য সভাৰ সহযোগত কাৰ্বি পৌৰাণিক সাহিত্যৰ আলোচনা চক্ৰ

ডিফু, 10 জানুৱাৰী : অসম সাহিত্য সভাৰ সহযোগত ডিফুৰ ৰাংছিনা ভৱনত দেওবাৰে অনুষ্ঠিত কৰা হয় সাহিত্য অকাডেমীৰ কাৰ্বি পৌৰাণিক সাহিত্যৰ ওপৰত তিনিখনকৈ আলোচনা সভা (Senimar on ancient Karbi literature held in Diphu) ৷ পুৱা সাহিত্য অকাডেমীৰ এই গুৰুত্বপূৰ্ণ আলোচনা সভাখন আনুষ্ঠানিকভাৱে মুকলি কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে (Rangbang Terang on Karbi ancient literature) ।

উক্ত অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰি প্ৰাক্তন সভাপতিগৰাকীয়ে ভাষণত এসময়ৰ সাহিত্য অকাডেমীয়ে আমন্ত্ৰণ কৰা সভাৰ বাবে কলিকতালৈ গৈ কিদৰে তেওঁ টেক্সীত নিজৰ বেগ এৰিছিল আৰু পিছদিনা অসম ভৱনলৈ আহি টেক্সীচালকে বেগটো ঘূৰাই দিছিল সেই কথা তেওঁ উল্লেখ কৰে ৷

অনুষ্ঠানত সাহিত্যিক গৰাকীয়ে নতুন বছৰত সাহিত্য অকাডেমীয়ে কাৰ্বি পৌৰাণিক সাহিত্য (Discussion on Karbi ancient Literature), কাৰ্বি ৰামায়ণ আৰু সাহিত্যিক লংকাম টেৰণৰ কৰ্মৰাজিৰ সন্দৰ্ভত আলোচনা কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে ৷

ইফালে অভিযন্তা নিপু চৰণ দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উদ্বোধনী অনুষ্ঠানত সাহিত্য অকাডেমীৰ আঞ্চলিক সম্পাদক দেবেন্দ্ৰ কুমাৰ দেৱেচ আৰু হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংহাঙে অংশগ্ৰহণ কৰে ৷ উক্ত অনুষ্ঠানত আঞ্চলিক সম্পাদক দেবেন্দ্ৰ কুমাৰ দেৱেচে সাহিত্য অকাডেমীয়ে অসমৰ ভাষা-সাহিত্যৰ উন্নয়নৰ বাবে লোৱা পদক্ষেপ সন্দৰ্ভত বক্তব্য দাঙি ধৰে ৷

karbi-mythological-literature-seminar-held-in-diphu

ইয়াৰ পিছতে বিশিষ্ট লেখক ধৰমছিং টেৰণৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কাৰ্বি ৰিছুৱেল সাহিত্যৰ ওপৰত লিখিত ভাষণ প্ৰদান কৰে পাৰি ৰংপি, হাংমিজি হাঞ্চে আৰু লুন্চে তিমুঙে ৷ দ্বিতীয় আলোচনাৰ বিষয় বস্তু আছিল 'লংকাম টেৰণৰ সাহিত্য' সম্পৰ্কে আলোচনা ৷ দেবেন কাকতিৰ নেতৃত্বত অনুষ্ঠিত এই আলোচনাত ভাগ লয় সাহিত্যিক তথা সাংবাদিক পবিত্ৰ বৰা, মঞ্জু টেৰণপী, জয়ছিং টকবী আৰু গীতা বৰাই ৷

লগতে শেষৰ আলোচনাৰ বিষয় আছিল 'কাৰ্বি ৰামায়ণ চাবিন আলুনত নাৰী চৰিত্ৰ' ৷ অধ্যাপক কাবিন টেৰণপীৰ সঞ্চালনাত সম্পন্ন হোৱা এই আলোচনাত অংশগ্ৰহণ কৰে মনালিছা ৰংপী, গীতা হাঞ্চেপী, মেগী কাথাৰপী, বন্দিতা টেৰণপী আৰু ছেৰদিহুন বেপীয়ে ৷ অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয়ৰ ৰাংছিনা ভৱনত আয়োজিত এই গুৰুত্বপূৰ্ণ আলোচনা চক্ৰত কাৰ্বি সমাজৰ বহু কেইগৰাকী বৌদ্ধিক মহল উপস্থিত থাকে ৷

লগতে পঢ়ক : ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী যুৱ বঁটা প্ৰাপক অভিজিৎ বৰাৰ মনৰ বতৰা...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.