ETV Bharat / state

Assam Book Fair Diphu : গ্ৰন্থৰ সুৱাসেৰে আমোলমোল ডিফুৰ আকাশ-বতাহ

author img

By

Published : Feb 7, 2023, 10:42 PM IST

ডিফুত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয়টো দিন (Assam book fair at Diphu)৷ গ্ৰন্থৰ সুৱাসেৰে আমোলমোল হৈছে ডিফুৰ আকাশ-বতাহ ৷ “Karbi alam-achak , kibi aphuthak kachingvai” শীৰ্ষক এখনি আলোচনা সত্ৰও অনুষ্ঠিত হয় গ্ৰন্থমেলাৰ দ্বিতীয়টো দিনত ৷

Assam Book Fair Diphu
গ্ৰন্থৰ সুৱাসেৰে আমোলমোল ডিফুৰ আকাশ বতাহ

ডিফু, ৭ ফেব্ৰুৱাৰীঃ সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ আজি দ্বিতীয় দিন (Assam book fair at Diphu)৷ দ্বিতীয় দিনত গ্ৰন্থৰ সুৱাসেৰে আমোলমোল হৈছে ডিফুৰ আকাশ-বতাহ ৷ তৎসত্বেও গ্ৰন্থপ্ৰেমী গ্ৰাহকৰ সেৰেঙা উপস্থিতিয়ে দ্বিতীয় দিনত গ্ৰন্থ বিক্ৰেতাক কিছু অসুবিধাত পেলোৱা পৰিলক্ষিত হ’ল ৷

অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত তথা কাৰ্বি আংলং জিলা প্ৰশাসনৰ সহযোগত ডিফু উচ্চতৰ মাধ্যমিক বালক বিদ্যালয় খেলপথাৰত আয়োজন কৰা এই গ্ৰন্থমেলাত আজি দিনৰ 1 বজাত “Karbi alam-achak , kibi aphuthak kachingvai” শীৰ্ষক এখনি আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷ কাৰ্বি ভাষাৰ মান উন্নত কৰাৰ বিষয়ে কাৰ্বি ভাষাত অনুষ্ঠিত কৰা এই ব্যতিক্ৰমী আলোচনা সত্ৰখন উদ্বোধন কৰে বিশিষ্ট লেখক, পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে (Padma Shri Dhaneswar Engti) ৷

আলোচনা সত্ৰখন উদ্বোধন কৰি তেওঁ কয় যে কাৰ্বি ভাষাক উন্নত ৰূপত লিখা আৰু ব্যৱহাৰ কৰাটো অতি জৰুৰী ৷ নিজৰ ভাষাৰ শৈলী সুন্দৰকৈ ব্যৱহাৰ কৰিলে সেই ভাষাৰ সাহিত্য গণমুখী হয় ৷ কাৰ্বি ভাষা বৰ শ্ৰুতিমধুৰ ৷ কাৰ্বি ভাষাত প্ৰথম গ্ৰন্থ ৰচনা কৰিছিল বংলং তেৰাঙে (Book in Karbi language) ৷ তেতিয়াৰ পৰাই মৌখিক কাৰ্বি ভাষাই লিখিত ৰূপত ক্ৰমান্বয়ে প্ৰাণ পাই উঠে ৷

কিন্ত এতিয়ালৈ কাৰ্বি ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত নোহোৱা বাবে সাহিত্য অকাডেমী আদি বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নাই বুলি উল্লেখ কৰি অনাগত সময়ত এই ক্ষেত্ৰতো স্বীকৃতি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰে ৷ তেওঁ লগতে কাৰ্বি ভাষাত এনে এখন গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ অনুষ্ঠিত কৰাৰ বাবে অসম প্ৰকাশন পৰিষদক ধন্যবাদ জ্ঞাপন কৰে ৷

আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি খয়াছিং হাঞ্চেই কয়- “ ভাষা এটা বিজ্ঞানৰ বিষয় ৷ গতিকে কাৰ্বি ভাষাকো বিজ্ঞান সন্মতভাৱে গঢ়ি তুলিব লাগিব ৷ কিয়নো সাহিত্য বুলি কিবাকিবি লিখিলেই ভাষাৰ উন্নতি নহয় ৷ ইয়াৰ এটা বিজ্ঞান সন্মত বৈয়াকৰণিক ৰূপ লাগিবই ৷ এইক্ষেত্ৰত কাৰ্বি ভাষাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷”

আন এগৰাকী আলোচক অতিথি খৰছিং টেৰণে কয় যে কাৰ্বি ভাষাৰো কামৰূপী ভাষাৰ দৰে স্থানভেদে বৈচিত্ৰ আছে ৷ উচ্চাৰণৰ দিশৰ পৰা এই বৈচিত্ৰই কাৰ্বি ভাষাকো সমৃদ্ধ কৰিছে ৷ গতিকে এই সকলো সমলক সামৰি লৈ কাৰ্বি ভাষাও জিলিকি উঠিব ৷ আলোচক অতিথি চিকাৰী টিছ’ৱে কয় যে কাৰ্বি ভাষাত উন্নত সাহিত্য লিখিব নোৱাৰি বুলি ভবাটো উচিত নহয় ৷ অন্য যিকোনো ভাষাৰ দৰে কাৰ্বি ভাষাৰো প্ৰকাশিকা শক্তি আছে ৷ নতুন প্ৰজন্মই ভাষাটোৰ বাবে কাম কৰিবলৈ আগবাঢ়ি আহিলে কাৰ্বি ভাষাও চহকী হ’ব ৷

ইয়াত অংশগ্ৰহণ কৰি আলোচক অতিথি জয়ছিং টক্‌বিয়ে এই বিষয়ে কয়- “কাৰ্বি ভাষা সুন্দৰ আৰু চহকী ৷ গতিকে নিজৰ ভাষাটোক মৰ্যাদাপূৰ্ণভাৱে স্থান দিয়া প্ৰয়োজন ৷ কাৰ্বি সমাজ-সংস্কৃতিক ভাষাটোৱে প্ৰতিফলিত কৰে ৷ নতুন প্ৰজন্ম এইক্ষেত্ৰত উদ্বুদ্ধ হ’লে ভাষাৰ ভৱিষ্যত নিশ্চয় সুৰক্ষিত হ’ব ৷”

আলোচনা সত্ৰখনৰ আঁত ধৰে লংছিং টেৰণে ৷ আদৰণি ভাষণ আগবঢ়ায় অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ সন্ধিয়া মনপৰশা সাংস্কৃতিক কাৰ্যসূচীৰ আঁত ধৰে প্ৰবোধ দাসে ৷

লগতে পঢ়ক: Sankardev Sishu Niketan : শংকৰদেৱ শিশু নিকেতনৰ প্ৰতিষ্ঠা দিৱসত কোকৰাঝাৰত বৰ্ণিল শোভাযাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.