ETV Bharat / state

দক্ষিণ লামডিং পঞ্চায়তত জবকাৰ্ডৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

দক্ষিণ লামডিং পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত জবকাৰ্ড হিতাধিকাৰীক চৰম প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে (MGNREGA scam in south Lumding) । প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে দৰিদ্ৰ ৰাইজে (Scam in beneficiary scheme) ৷ দক্ষিণ লামডিং পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত জবকাৰ্ড হিতাধিকাৰীক চৰম প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি লুণ্ঠনৰ অভিযোগ উত্থাপন কৰিছে দৰিদ্ৰ ৰাইজে (scheme implementation in south Lumding) ৷

author img

By

Published : Sep 9, 2022, 1:04 PM IST

MGNREGA scam in south Lumding
জবকাৰ্ডৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

নিউজ ডেস্ক,9 ছেপ্টেম্বৰ: দৰিদ্ৰ জনসাধাৰণৰ সুবিধাৰ্থে চৰকাৰে বহু আঁচনি প্ৰৱৰ্তন কৰাৰ বিপৰীতে তাৰ মাজতে আকৌ একাংশই চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰাতহে যেন উঠিপৰি লাগিছে ৷ শেহতীয়াভাৱে লামডিঙতো পোহৰলৈ আহিছে এনেধৰণৰ ঘটনা ৷

দক্ষিণ লামডিং পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ব্যাপক অনিয়ম চলাৰ লগতে বিভিন্ন ৰাইজে তেওঁলোকৰ প্ৰাপ্যৰ পৰাও বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে (Scam in beneficiary scheme) ৷ কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ লোকৰ বাবে প্ৰৱৰ্তন কৰা প্ৰধান মন্ত্ৰী আৱাস যোজনা আঁচনিৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধন লৈ ব্যাপক দূৰ্নীতি সংঘটিত হৈছে দক্ষিণ লামডিঙত । এই অভিযোগ দক্ষিণ লামডিং পঞ্চায়তৰ বিভিন্ন ৱাৰ্ডৰ ভুক্তভোগী হিতাধিকাৰীৰ ।

দক্ষিণ লামডিং পঞ্চায়তত জবকাৰ্ডৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

হোজাই জিলাৰ লামডিং উন্নয়ন খণ্ডৰ অন্তৰ্গত পঞ্চায়তৰ ৱাৰ্ডত সংঘটিত হৈছে জব কাৰ্ডৰ ধনৰ দুৰ্নীতি । দক্ষিণ লামডিং পঞ্চায়তৰ প্ৰতিনিধি বিষয়ববীয়াৰ বিৰুদ্ধে উঠিছে ধন আত্মসাতৰ অভিযোগ । প্ৰাপ্ত অভিযোগ অনুযায়ী পঞ্চায়তৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা নিৰ্মল তালুকদাৰৰ লগতে আৰু কেইবাজনো লোকৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধনৰ ক্ষেত্ৰত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

হোজাই জিলাৰ অন্তৰ্গত দক্ষিণ লামডিং পঞ্চায়তৰ হিতাধিকাৰীসকলে প্ৰধান মন্ত্ৰীৰ গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধন তেওঁলোকে লাভ কৰিব বুলি আশ্বাস দিয়া হৈছিল যদিও প্ৰকৃত হিতাধিকাৰী আজিও বঞ্চিত জব কাৰ্ডৰ ধন লাভৰ পৰা । দক্ষিণ লামডিং পঞ্চায়তৰ প্ৰতিনিধি ,বিষয়-ববীয়াই প্ৰধানমন্ত্ৰী গৃহ নিৰ্মাণৰ নামত অহা জব কাৰ্ডৰ ধন আত্মসাত কৰাৰ অভি়যোগ তুলিছে বঞ্চিত ৰাইজে ৷

একাংশ অসৎ প্ৰবৃত্তিৰ লোকে চৰকাৰৰ এই আঁচনিৰ অপব্যৱহাৰ কৰি দুখীয়া শ্ৰমিকক বাৰম্বাৰ প্ৰৱঞ্চনা কৰি আহিছে ৷ দুৰ্নীতি সন্দৰ্ভত বঞ্চিত হিতাধিকাৰীয়ে ইতিমধ্যে হোজাই জিলা উপায়ুক্তৰ লগতে খণ্ড বিষয়ালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: ৰাণী এলিজাবেথ দ্বিতীয়ৰ শাসনকালৰ ১৫ গৰাকী প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.