ডিফু, ২৪ জানুৱাৰী: নাম-কীৰ্তনৰ ধ্বনিৰে আকাশ-বতাহ নিনোদিত হ'ল কাৰ্বি আংলং জিলাৰ বকলিয়াঘাট । দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বকলীয়াঘাটৰ বকুলতল মাধৱদেৱ প্ৰাথমিক শাখাৰ নামঘৰত অনুষ্ঠিত কৰা হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক বাৰ্ষিক প্ৰতিনিধি সভাখনৰ । আঞ্চলিকৰ আটাইকেইটা প্ৰাথমিক শাখাৰ নামঘৰৰ ভকত প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সভাখনৰ পূৰ্বে পুৱা প্ৰাতঃপ্ৰসংগ, পৰিৱেশ নিকাকৰণ, নাম প্ৰসংগ আদি কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
![শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বকলীয়াঘাট আঞ্চলিক শাখাৰ প্ৰতিনিধি সভা সম্পন্ন](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as10035diphu24012021srimantasankardevsanghadelegatesmeet_24012021165051_2401f_1611487251_596.jpg)
ইয়াৰ পাচতেই নাম-কীৰ্তনকে ধৰি ধৰ্মীয় কাৰ্যসূচীৰ পিছত মূল অধিৱেশনৰ সভাত সভাপতিত্ব কৰে আঞ্চলিক শাখাৰ সভাপতি দ্বীপেন বৰবৰুৱাই । বৰবৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাত আঞ্চলিক শাখাৰ বিভিন্ন বিভাগৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰা হয় । সভাৰ আৰম্ভণিতে মৈত্ৰী মহন্তই বৰগীত আৰু বিদিশা তামুলীয়ে ঝুমুৰা নৃত্য পৰিৱেশন কৰে ।
উল্লেখযোগ্য যে, কৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক বাৰ্ষিক অধিৱেশনখন অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয় ।
লগতে পঢ়ক:কা বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰতিবাদ