ডিফু, 24 নৱেম্বৰঃ সহকাৰী সঞ্চালক জৰীপ (পাৰ্বত্য) কাৰ্যালয়ত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী ৷ এই অভিযোগ উত্থাপন কৰিছে আৰ টি আই কৰ্মী হুকুংছিং টেৰনে ৷ সোমবাৰে ডিফু জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলত আৰ টি আই কৰ্মীগৰাকীয়ে অভিযোগ উত্থাপন কৰি কয় যে,জিলাখনত এছ অ’ পিডি আঁচনিৰ অধীনত ঠিকাদাৰে কাম নকৰাকৈয়ে সমস্ত ধন আত্মসাৎ কৰিছে ৷
বিভাগটোৰ অধীনত দমকল স্থাপনৰ নামত ঠিকাদাৰ হনছিং তিমুঙে ২০ লাখ টকা আদায় লোৱাৰ বিপৰীতে মাত্ৰ এটা দমকলহে স্থাপন কৰে ৷ যিটো সম্প্ৰতি বিকল হৈ আছে ৷ আনহাতে,বিভাগটোৰ অধীনতে 10 টা জৰীপৰ বাবে 9 লাখ টকাৰ জি পি এছ চিষ্টেম ক্ৰয় কৰাৰ বাবদ ঠিকাদাৰ ৰাজীৱ মিলিকে 1 লাখ টকা আদায় কৰে যদিও বিভাগটোত মাত্ৰ এটা জি পি এছহে আছে বুলিও অভিযোগ উত্থাপন কৰিছে হুকুংছিং টেৰনে ৷ একেদৰে ১০টা ফিয়েড লাইটৰ বাবদ ১৫ নাখ টকা বিভাগটোৰ পৰা আদায় হৈছে যদিও কেৱল এটা ঠিকাদাৰে কেৱল এটা ফিয়েড লাইটহে দেখুৱাবলৈ সক্ষম হৈছে ৷
এছ অ' পিডি আঁচনিখৰ অধীনত ২০১৬ চনৰ পৰা ২০২০ চনলৈকে বিভাগটোৱে বিভিন্ন সামগ্রী ক্রয় কৰা দেখুৱাই আহিছে যদিও পুৰণি সামগ্ৰীসমূহকে বিভাগটোৰ কর্মচাৰীসকলে প্রদর্শন কৰি আছে। পৰিদর্শনৰ কালত বিভাগটোৰ গুদামত এই সামগ্রীসমূহ নষ্ট হৈ যোৱা প্ৰত্যক্ষ কৰা বুলিও জনায় টেৰেনে ৷ বিভাগটোত সংঘটিত এই কেলেংকাৰীৰ উচিত তদন্ত নহ’লে অতিশীঘ্ৰে বিভাগটোৰ কৰ্মচাৰী আৰু ইয়াৰ অধীনত কাম কৰা ঠিকাদাৰ সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ প্ৰদান কৰে আৰ টি আই কৰ্মী হুকুংছিং টেৰেনে ৷
লগতে পঢ়ক-তৰুণ গগৈৰ মৃত্যুত শৰৎ বৰকটকীৰ শোক