ডিফু, 9 মে' : লক্ ডাউনৰ মাজতে শনিবাৰে ডিফু- মাঞ্জা পথৰ ওপৰত আলোচনা পন্থী উগ্ৰপন্থী সংগঠন 'কাৰবি পিপুলছ লিবাৰেছন টাইগাৰ চমুকৈ কেপিএলটিৰ সদস্যই নিজে শ্ৰমদান কৰি পথ মেৰামতি কৰে ৷
ছিমপ্লেক্স ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানীয়ে অলপতে নিৰ্মাণ কৰি উলিওৱা ডিফু -মাঞ্জা পথৰ কেইবা ঠাইত গাঁত সদৃশ অৱস্থা সৃষ্টি হোৱাৰ বাবে পথছোৱাৰ ওপৰত যান- বাহন চলাচলত অসুবিধাৰ সৃষ্টি হৈ আহিছিল ৷ ৰাইজৰ অসুবিধা আৰু সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ অনুমতি সাপেক্ষে ডিফু 5 মাইলস্থিত কেপিএলটিৰ ডেজিনেটেড কেম্পৰ জন সম্পৰ্ক বিষয়া সিংহাসন হাঞ্চেৰ নেতৃত্বত প্ৰায় 40 জনীয়া কেডাৰৰ দলে পথ ছোৱাৰ ওপৰত শ্ৰমদান কৰি পথছোৱা যাতায়তৰ বাবে সূচল কৰি তোলে ৷
লগতে পঢ়ক : হাবিৰ মাজত অসংযত অৱস্থাত উদ্ধাৰ কিশোৰীৰ মৃতদেহঃ ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ