ETV Bharat / state

বকলীয়াঘাটত পথ দুর্ঘটনাত দুজন আহত

author img

By

Published : Apr 8, 2021, 5:22 PM IST

বৃহস্পতিবাৰে কাৰ্বি আংলঙৰ বকলীয়াঘাটত দুর্ঘটনাত পতিত হ'ল এখন দ্ৰুত বেগী বাহন । ডিফুৰ দিশৰ পৰা আহি থকা অৱস্থাতে পথৰ দাঁতিত থকা এজোপা খুন্দিয়ায় বাহনখনে । ইয়াৰ পিছতে গছজোপা উভালি পৰে । দুৰ্ঘটনাত আহত হয় বাহনখনত থকা দুগৰাকী ব্যক্তি ।

কাৰ্বি আংলঙৰ বকলীয়াঘাটত পথৰ দাঁতিৰ গছত খুন্দিয়ালে এখন বাহনে

ডিফু, ৮ এপ্রিল: কাৰ্বি আংলঙৰ বকলীয়াঘাটত বৃহস্পতিবাৰে দুপৰীয়া এক দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে, দিনৰ প্রায় ১ বজাত ডিফুৰ দিশৰ পৰা তীব্র বেগেৰে আহি থকা এএছ-০৯-এফ-৮৮৭৪ নম্বৰৰ ডাষ্টাৰ বাহনখনে বকলীয়াঘাট প্রাথমিক স্বাস্থ্যকেন্দ্ৰৰ সমীপত ৩৬ নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিত স্বাস্থ্য বিভাগৰ চাইনব'ৰ্ড সংলগ্ন হৈ থকা এটা খুঁটা মহতিয়াই নিয়ে ।

ইয়াৰ পিছত বাহনখনে পথৰ দাঁতিত থকা এজোপা নিম গছত প্ৰচণ্ড জোৰেৰে খুন্দিয়ায় । বাহনখনৰ খুন্দাত গছজোপা গুৰিৰে সৈতে উভালি পৰাৰ লগতে ইয়াৰ আধা অংশ ছিঙি প্রায় পােন্ধৰ ফুট দূৰত ছিটিকি পৰে । বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই অন্য এজোপা গছতাে খুন্দিয়ায় ।

দুর্ঘটনাত বাহনখনত থকা দুগৰাকী ব্যক্তি সামান্য পৰিমাণে আহত হয় । আহত ব্যক্তি দুজন ক্ৰমে সত্যনাথ বসুমতাৰী আৰু লখিমাই বসুমতাৰী বুলি জানিব পৰা গৈছে । আনহাতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ সন্মুখৰ অংশ যথেষ্ট ক্ষতিসাধন হয় ।

লগতে পঢ়ক:কামপুৰ ৰাস পথাৰত বহাগী মেলাৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.