ETV Bharat / state

ড৹ কৰবী ডেকা হাজৰিকালৈ 2024 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 4:50 PM IST

Rangbang Terang Samannya Award: বিশিষ্ট সাহিত্যিক ড৹ কৰবী ডেকা হাজৰিকালৈ 2024 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা ৷ 13 জানুৱাৰীত প্ৰদান কৰা হ’ব এই বঁটা ৷

Rangbang Terang
2024 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা
ড৹ কৰবী ডেকা হাজৰিকালৈ ৰংবং তেৰাং সমন্বয় বঁটা

ডিফু, 31 ডিচেম্বৰ : 2024 বৰ্ষৰ পদ্মশ্ৰী ৰংবং তেৰাং সমন্বয় বঁটা ঘোষণা ৷ দেওবাৰে পুৱা ডিফুৰ কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি 2024 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটাৰ কথা আনুষ্ঠানিকভাবে ঘোষণা কৰে চিংথুৰ প্ৰকাশনৰ বিশ্বজ্যোতি হাজৰিকাই ৷ বিশিষ্ট সাহিত্যিক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড৹ কৰবী ডেকা হাজৰিকালৈ আগবঢ়োৱা হৈছে 2024 বৰ্ষৰ ৰংবং তেৰাং সমন্বয় বঁটা ৷

উল্লেখ্য যে, বকলীয়াঘাটৰ চিংথুৰ প্ৰকাশনৰ উদ্যোগত বিগত 2017 চনৰ পৰাই 'ৰংমিলিৰ হাঁহি'ৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্ম দিৱসৰ লগত সংগতি ৰাখি 13 জানুৱাৰী তাৰিখে “ৰংবং তেৰাং সমন্বয় বঁটা" প্ৰদান কৰি আহিছে ৷ 13 জানুৱাৰীত বকলীয়াঘাট ৰূকাছেন মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনৰ 11 বজাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ’ব বুলি সংবাদমেলত প্ৰকাশ কৰে চিংথুৰ প্ৰকাশনৰ বিশ্বজ্যেতি হাজৰিকাই ৷

উল্লেখযোগ্য যে, এই সন্মানীয় বঁটা ক্ৰমান্বয়ে 2017 চনত বিশিষ্ট সাহিত্যিক লোক সংস্কৃতিৰ গৱেষক, পণ্ডিত ড৹ বীৰেন্দ্ৰ নাথ দত্ত, 2018 চনত বিশিষ্ট ঔপন্যাসিক য়েছে দৰজি ঠংচি, 2019 চনত বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক হোমেন বৰগোহাঁঞি, 2020 চনত মিতভাষৰ স্ৰষ্টা, প্ৰখ্যাত সাহিত্যিক আৰু সাংবাদিক ড৹ নগেন শইকীয়া, 2021 চনত বিশিষ্ট সাহিত্যক ফণীন্দ্ৰনাথ দেৱ চৌধুৰী, 2022 চনত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামী আৰু 2023 বৰ্ষত বিশিষ্ট চিত্ৰশিল্পী বীৰেন সিংহক প্ৰদান কৰা হৈছিল ৷

এই বঁটাত নগদ ধনৰ লগতে পৰম্পৰাগত কাৰ্বি সাজ-পোছাক আৰু গ্ৰন্থৰ টোপোলা প্ৰদান কৰা হ'ব ৷ অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন হ'ব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ এই সভাত ৰংবং তেৰাঙৰ উপৰিও বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছি, সাহিত্য অকাডেমী বঁটাপ্ৰাপক জয়ন্ত মাধৱ বৰা আৰু কাৰ্বি লামমেত আমেইৰ নব নিৰ্বাচিত সভাপতি কামছিং হাঞ্চে উপস্থিত থাকিব ৷

ইফালে এই অনুষ্ঠানৰ লগত সংগতি ৰাখি অসম সাহিত্য সভা ডিফু আঞ্চলিক কার্যালয় আৰু ৰুকাছেন মহাবিদ্যালয়ৰ যৌথ উদ্যোগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখনি এদিনীয়া আলোচনা-চক্ৰ অনুষ্ঠিত হ'ব ৷ আলোচনা-চক্ৰৰ বিষয় "য়েছে দৰজে ঠংচিৰ ৰচনাত সমাজ-বাস্তৱতা" বুলি চিংথুৰ প্ৰকাশনৰ হৈ বিশ্বজ্যোতি হাজৰিকা আৰু ৰূকাছেন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ মিলন বণিকে জানিবলৈ দিছে ৷

লগতে পঢ়ক : তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত উপস্থিত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.