ETV Bharat / state

প্ৰৱল বৰষুণৰ ফলত ৰে’লপথত ভূমিস্খলন

author img

By

Published : Jul 29, 2020, 2:28 PM IST

প্ৰৱল বৰষুণত ফলত ডিফুৰ পানবাৰীত খহি পৰিল ৰে’ল লাইনৰ কাষৰ মাটি ৷ ৰে’লপথৰ কাষত কৰা অবৈধ বসতি স্থাপনে পানী নিষ্কাশনত বাধাৰ সৃষ্টি কৰিছে, যাৰ ফলস্বৰূপে এই ঘটনা সংঘটিত হৈছে বুলি ৰে’লপথ কৰ্মীয়ে সদৰি কৰে এই কথা ৷

railway tracle slide in diphu
প্ৰৱল বৰষুণৰ ফলত ৰে’লপথত ভূমিস্খলন

ডিফু, 29 জুলাই : মঙলবাৰে নিশা ৰাজ্যৰ তিনিঘণ্টা যোৰা প্ৰচণ্ড বৃষ্টিপাতৰ ফলত ডিফুত ৰে’ললাইন ক্ষতিগ্ৰস্ত হৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি, বৰষুণৰ ফলত ডিফু ৰে’ল ষ্টেচনৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ পানবাৰী ৰে’ল লাইনৰ 226/6 নম্বৰ পিপি প’ষ্টৰ কাষত এটি ক্ষুদ্ৰ পাইপ পৰিবাহী কালভাৰ্টৰ কাষত ভূমিস্খলন হৈ ৰে’লপথটোলৈ ভাবুকি কঢ়িয়াই আনিছে ৷

ৰে’লপথটোৰ কাষৰ পৰা মাটি খহি পৰাত ৰে’লপথৰ তলেৰে সুৰংগ সদৃশ গাঁতৰ সৃষ্টি হৈছে ৷ অৱশ্যে এই খবৰ পোৱাৰ পাচতে ৰে’লপথ নিৰ্মানৰ দায়িত্বত থকা এগৰাকী কৰ্মীয়ে ডাঙৰ শিল আনি ঠাইডোখৰ মেৰামতি কৰাৰ চেষ্টা চলায় ৷

প্ৰৱল বৰষুণৰ ফলত ৰে’লপথত ভূমিস্খলন

ৰে’লপথ কৰ্মীৰ মতে, ৰে’লপথৰ কাষত কৰা অবৈধ বসতি স্থাপনে পানী নিষ্কাশনত বাধাৰ সৃষ্টি কৰিছে, যাৰ ফলস্বৰূপে এই ঘটনা সংঘটিত হৈছে ৷ আনহাতে, এই ভূমিস্খলনৰ ফলত বুধবাৰে পুৱাৰ ভাগত নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ৰে’লখন কোনোমতে ৱাকিং ৰেচত অতিক্ৰম কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : অপৰিৰ্বতিত লেজাই-কলাখোৱা অঞ্চলৰ বন্যাৰ্তৰ দুৰ্দশা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.