ETV Bharat / state

ডিফুত ধৰ্ণা কাৰ্যসূচী, পৰিৱেশ উত্তাল প্ৰতিবাদকাৰীৰ

চিপিআই (এমএল) কে ধৰি কেইবাটাও সংগঠনে ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ জম্মু-কাশ্মীৰত প্ৰযোজ্য সংবিধানৰ 370 অনুচ্ছেদ বাতিলকৰণৰ বিৰোধিতা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওকে সাঙুৰি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ডিফুত ধৰ্ণা কাৰ্যসূচী
author img

By

Published : Oct 4, 2019, 11:10 AM IST

ডিফু, 4 অক্টোবৰ : ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মুখত চিপিআই (এমএল) কে ধৰি কেইবাটাও সংঘটনে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ জম্মু-কাশ্মীৰত প্ৰযোজ্য সংবিধানৰ 370 অনুচ্ছেদ বাতিলকৰণৰ বিৰোধিতা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু কাৰ্বি আংলং আৰু ডিমা হাছাওকে সাঙুৰি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাহাৰীয়া জিলাখনৰ আগশাৰীৰৰ চিপিআই (এমএল) নেতা ৰবি কুমাৰ ফাংচ'ই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ মন্তব্য কৰে যে, মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিয়েই 370 অনুচ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ জনসাধাৰণক হেঁচা প্ৰয়োগ কৰাৰ লগতে ইণ্টাৰনেট সেৱা বন্ধ কৰিছে আৰু পণবন্দী কৰি ৰাখিছে ৷ চৰকাৰৰ নীতিৰ প্ৰতিবাদ কৰিব বিচৰাসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে সৰু সৰু ল'ৰাকো কাৰাৰুদ্ধ কৰা হৈছে বুলি নেতাগৰাকীয়ে অভিযোগ উত্থাপন কৰে ৷ অতি অমানৱীয়ভাৱে এই লোকসকলক চৰকাৰে হাৰাশাস্তি কৰাৰ বাবে ক্ষোভ উজাৰে ৰবি কুমাৰে ৷

ডিফুত কেইবাটাও সংগঠনৰ ধৰ্ণা কাৰ্যসূচী

এনে অৱস্থাত যোৱা দুটা মাহে কাশ্মীৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বিপৰীতে মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে বামপন্থী নেতাগৰাকীয়ে ৷ ৰবি কুমাৰ ফাংচ'ৱে লগতে কয় যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণে চৰম অস্বস্তি ভোগ কৰিছে ৷ আনহাতে, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ ৰাইজে ভোগ কৰি অহা ষষ্ঠ অনুসূচীৰ 244 (ক) ৰ ক্ষমতা সমূহো এপদ-দুপদকৈ কাঢ়ি নিছে বুলি অভিযোগ কৰে তেওঁ ৷ এই সম্পৰ্কত ৰবি কুমাৰে কয় যে, জম্মু -কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 বাতিল কৰাৰ আৰ্হিৰে পাহাৰীয়া জিলা দুখনৰ ষষ্ঠ অনুসূচীৰ 244(ক) ৰ সুবিধা কাঢ়ি নিব পাৰে বুলি পাহাৰীয়া জিলা দুখনৰ ৰাইজ শংকিত হৈ পৰিছে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে এইছএছডিচি, কেএছএ, কেএনচিএ, আৰৱাইএ, আইছা, আইপোৱা, এছৱাইজে, এছৱাইচি, কানকিচ, নিৰ্মাণ শ্ৰমিক এআইচিটিও আদি সংগঠনে ৷

পৰিৱেশ উত্তাল প্ৰতিবাদকাৰীৰ

Intro:ডিফুত জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ বিৰুধিতা, মূল্যবৃদ্ধি ৰোধ স্বায়ত্ত শাসনৰ দাবীলৈ চিপিআই (এমএল) কে ধৰি কেইবাটাও সংগঠনৰ ধৰ্ণা ৷

ডিফু, ৩ অক্টোবৰ:- জম্মু কাশ্মীৰত প্ৰযোজ্য হৈ থকা ভাৰতীয় সংবিধানৰ ৩৭০ অনুশ্ছেদ বাতিলৰ বিৰোধিতা কৰাৰ লগতে শেহতীয়াকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধি আৰু কাৰবি আংলং আৰু ডিমা হাচাওকে সাঙুৰি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীত আজি ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মূখত চিপিআই (এমএল) কে ধৰি কেইবাটাও সংঘটনে অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ পাহাৰীয়া জিলাখনৰ আগশাৰীৰৰ চিপিআই (এমএল) নেতা ৰবি কুমাৰ ফাংচ'ই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সাংবাদিকৰ আগত কয়যে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ আহিয়েই জম্মু কাশ্মীৰৰ পৰা সংবিধানৰ ৩৭০ অনুশ্ছেদ বাতিল কৰি জম্মু-কাশ্মীৰৰ জনসাধাৰণক হেঁচা প্ৰয়োগ কৰাৰ লগতে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি সাধাৰণ জনতাক পণবন্ধী কৰি ৰাখিছে ৷ চৰকাৰৰ নিতীৰ প্ৰতিবাদ কৰিব বিচৰা সকলক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে সৰু সৰু ল'ৰাকো কাৰাৰুদ্ধ কৰা হৈছে বুলি নেতা গৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ লগতে অতি অমানৱীয়ভাবে এই সকল লোকক চৰকাৰে হাৰাশাস্তি কৰি অহা হৈছে বুলি ক্ষোভ উজাৰে ৷ এনে অৱস্থাত যোৱা দুটা মাহে কাশ্মীৰত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বিপৰীতে মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে বামপন্থী নেতা গৰাকীয়ে ৷ ৰবি কুমাৰ ফাংচ'ৱে ইয়াকো কয়যে, অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী মূল্যবৃদ্ধিৰ বাবে জনসাধাৰণে চৰম অস্বস্তি ভোগ কৰি আছে ৷ আনহাতে কাৰবি আংলং আৰু ডিমা হাচাওৰ ৰাইজে ভোগ কৰি অহা ষষ্ঠ অনুসূচীৰ ২৪৪ (ক) ৰ ক্ষমতা সমূহো এপদ- দুপদকৈ কাঢ়ি নিছে বুলি অভিযোগ কৰি কয়যে, জম্মু -কাশ্মীৰৰ পৰা অনুশ্ছেদ ৩৭০ বাতিল কৰাৰ আৰ্হিৰে পাহাৰীয়া জিলা দুখনৰ ষষ্ঠ অনুসূচীৰ ২৪৪(ক)ৰ সুবিধা কাঢ়ি নিব পাৰে বুলি পাহাৰীয়া জিলা দুখনৰ ৰাইজ শংকিত হৈ পৰিছে ৷আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ক্ৰমে, এইছএছডিচি, কেএছএ, কেএনচিএ, আৰৱাইএ, আইছা, আইপোৱা, এছৱাইজে, এছৱাইচি,কানকিচ, নিৰ্মাণ শ্ৰমিক এআইচিটিও আদি সংগঠনে অংশ গ্ৰহণ কৰে ৷

ছাইদুল ইছলাম, ডিফু Body:********Conclusion:********
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.