ETV Bharat / state

ডিফুত পৌৰ নিগমৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ - ETV BHARAT

ডিফুত জাঁবৰ পেলোৱা স্থানকলৈ স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ ৷ ঘুৰাই পঠালে পৌৰ নিগমৰ গাড়ী৷

ডিফুত পৌৰনিগমৰ জাঁবৰ পেলোৱা স্থানক লৈ স্থানীয় ৰাইজৰ প্ৰতিবাদ
author img

By

Published : Aug 11, 2019, 3:50 AM IST

ডিফু,11 আগষ্ট:- যি সময়ত স্বচ্ছ ভাৰতৰ অভিযানৰ বাবে ডিফু চহৰে স্বচ্ছ চহৰৰ খ্যাতি লাভ কৰিছে সেই একে সময়তে চহৰ খনৰ গাতে লাগি থকা এডোখৰ ঠাইৰ জাবৰ ডিফু পৌৰ নিগমে আওঁকাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ শনিবাৰে পুৱা ডিফু পৌৰ নিগমে চহৰ খনৰ পৰা সংগ্ৰহ কৰা জাঁবৰ পেলোৱা স্থানকলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় একাংশ ৰাইজে ৷

ডিফুত পৌৰ নিগমৰ বিৰুদ্ধে স্থানীয় ৰাইজৰ প্ৰতিবাদ

ডিফুৰ নাতি দূৰৈৰ ছৰছৰি নামৰ ঠাইত দীৰ্ঘদিনৰ পৰাই জাঁবৰ পেলাই আহিছিল ডিফু নগৰ সমিতিয়ে ৷ উক্ত স্থানৰ মাজেৰে গৈছে ডিফু-ধনশিৰিৰ ব্যস্ততম গড়কাপ্তানি পথ ৷ এই গড়কাপ্তানি পথৰ ছৰছৰি এলেকাত দ'মে দ'মে জমা হোৱা জাঁবৰে এলেকাটোত কদৰ্য আৰু দূৰ্গন্ধময় পৰিবেশৰ সৃষ্টি কৰি স্থানীয় বাসিন্দাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে ৷

নৱগঠিত ডিফু পৌৰ নিগমে ঘৰে ঘৰে জাঁবৰ সংগ্ৰহ কৰিবলৈ আত্ম সহায়ক গোট সমূহলৈ প্ৰদান কৰা লঘু বাহন সমূহে সংগ্ৰহ কৰা জাঁবৰ সমূহ ডিফু - ধনশিৰি পথৰ দুয়োকাষে নীতি বহিৰ্ভূত ভাৱে পেলাই থকা কাৰ্যক লৈ জাঙুৰ খাই উঠে স্থানীয় বাসিন্দা ৷ প্ৰতিবাদকাৰী সকল ৰাজপথলৈ ওলাই আহি উক্ত এলেকাত জাঁবৰ পেলাবলৈ অহা ডিফু পৌৰ নিগমৰ গাড়ী সমূহক বাধা প্ৰদান কৰে ৷

প্ৰতিবাদকাৰী সকলে সাংবাদিকৰ আগত কয় যে, ডিফু নগৰ সমিতিক বিৰোধ কৰাৰ পিছতো নগৰ সমিতিয়ে ৰাইজৰ বিৰোধিতাক পিঠি দি নিয়মীয়া ভাবে জাঁবৰ সমূহ উক্ত স্থানত পেলাই আহিছে ৷ সেয়ে স্থানীয় ৰাইজে উক্ত স্থানত জাঁবৰ পেলোৱা বন্ধ কৰিবলৈ নৱগঠিত ডিফু পৌৰ নিগমৰ অধ্যক্ষ গৰাকীক আবেদন জনাই ৷ এই সন্দৰ্ভত ডিফু পৌৰনিগমে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ৷

Intro:ডিফু পৌৰ নিগমৰ জাঁবৰ পেলোৱা স্থানকলৈ স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ ৷
************************* ঘুৰাই পঠোৱা হৈছে পৌৰ নিগমৰ জাঁবৰ কঢ়িওৱা গাড়ী

ডিফু,১০, আগষ্ট:- যি সময়ত স্বচ্ছ ভাৰতৰ অভিযানক লৈ ডিফু চহৰে পোৱা স্বচ্ছ চহৰৰ খ্যাতি লাভ কৰিছে সেই একে সময়তে ডিফু চহৰৰ গাতে লাগি থকা এডোখৰ ঠাইৰ অস্বাস্থকৰ আৰু কদৰ্যময় ৰূপক লৈ চৰ্চা লাভ কৰিছে ৷ আজি পুৱা ডিফু পৌৰ নিগমে সংগ্ৰহ কৰা জাঁবৰ পেলোৱা স্থানকলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় একাংশ ৰাইজে ৷ ডিফুৰ নাতি দূৰৈৰ ছৰছৰি নামৰ ঠাইত দীৰ্ঘদিনৰ পৰাই জাঁবৰ পেলাই আহিছিল ডিফু নগৰ সমিতিয়ে ৷ উক্ত স্থানৰ মাজেৰে ডিফু - ধনশিৰিৰ ব্যস্ততম গড়কাপ্তানি পথ ৷ এই গড়কাপ্তানি পথৰ ছৰছৰি এলেকাত দ'মে দ'মে জমা হোৱা জাঁবৰে এলেকাটোত কদৰ্যময় আৰু দূৰ্গন্ধময় পৰিবেশে স্থানীয় বাসিন্দাৰ জনস্বাস্থলৈ তীব্ৰ ভাবুকি স্বৰূপ হৈ পৰিছে ৷ নৱগঠিত ডিফু পৌৰনিগমে ঘৰে ঘৰে জাঁবৰ সংগ্ৰহ কৰিবলৈ আত্ম সহায়ক গোট সমূহলৈ প্ৰদান কৰা লঘু বাহন সমূহে সংগ্ৰহ কৰা জাঁবৰ সমুহ ডিফু - ধনশিৰি পথৰ দুয়োকাষে নীতি বহিৰ্ভূত ভাবে পেলাই থকা কাৰ্যক লৈ জাঙুৰ খাই উঠে স্থানীয় বাসিন্দা ৷ প্ৰতিবাদকাৰী সকলে স্বত:স্ফুৰ্ত ভাবে ৰাজপথলৈ ওলাই আহি উক্ত এলেকাত জাঁবৰ পেলাবলৈ অহা ডিফু পৌৰ নিগমৰ গাড়ী সমূহক বাধা প্ৰদান কৰে ৷ প্ৰতিবাদকাৰী সকলে সাংবাদিক সকলৰ আগত কয় যে, ডিফু নগৰ সমিতিক বহু কাকুতি- মিনতি কৰাৰ পিছতো নগৰ সমিতিয়ে জনস্বাস্থ্যলৈ পিঠি দি নিয়মীয়া বাবে জাঁবৰ সমূহ উক্ত স্থানত পেলাই আহিছে, উক্ত জাঁবৰৰ দূৰ্গন্ধই পথচাৰী, গাড়ীৰ যাত্ৰী, চালক আৰু স্থানীয় ৰাইজক মুখ আৰৱ নাকত সোপা দি ৰাখিবলৈ বাধ্য কৰিছে ৷ পূৰ্বে জাঁবৰ সমূহ সামান্য ভিতৰৰ ফালে পেলোৱা হৈছিল যদিও বৰ্তমান জাঁবৰ সমূহ পথৰ দুয়োকাষে দ'মে, দ'মে পেলাবলৈ ধৰিছে ৷ সেয়ে স্থানীয় ৰাইজে উক্ত স্থানত জাঁবৰ পেলোৱা বন্ধ কৰিবলৈ নৱগঠিত ডিফু পৌৰ নিগমৰ অধ্যক্ষ গৰাকীক আবেদন জনাইছে ৷ এই সন্দৰ্ভত ডিফু পৌৰনিগমে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিছে ৷

ছাইদুল ইছলাম, ডিফুBody:************Conclusion:*****;;**:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.