ডিফু, 31 জানুৱাৰীঃ শাম কটা নাই নাগৰিকত্ব সংশোধনী আইন 2019-ৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ৰাজ্যৰ পাৰ্বত্য জিলাত এই আইনক লৈ আশ্বস্ত নহয় জনতা ৷ অহা 3 ফেব্ৰুৱাৰীত ডিফুত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অনুষ্ঠিত কৰা হ’ব বিশাল প্ৰতিবাদী সভা ৷ "পাহাৰীয়া জিলা আৰু ষষ্ঠ অনুসূচীভূক্ত এলেকাত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰভাৱ নপৰে বুলি চৰকাৰে বাৰম্বাৰ কৈ অহাৰ পিছতো ইয়াকলৈ আশ্বস্ত হ’ব পৰা নাই পাহাৰীয়া অঞ্চলৰ জনতাই "৷ ইয়াকে লৈ শুকুৰবাৰে ডিফুস্থিত এএছডিচিৰ মুখ্য কাৰ্যালয়ত সন্মিলিত সংগ্ৰাম পৰিষদৰ লগতে আগছু, এপিএইছএলচি, এএছডিচি, জিচিএছ, জিএছইউ, কেএনচিএ, কেএছএ, কেএনএ, আৰএনচিএছ, আৰএনএছইউ, কেএছঅ' তেএমইউএছ, টিচিএছে এক যৌথ সংবাদমেলৰ আয়োজন কৰি এই মন্তব্য কৰে দল- সংগঠনৰ নেতৃবৰ্গই ৷ দল-সংগঠনসমূহৰ নেতৃবৰ্গই আনহাতে কয় যে, ষষ্ঠ অনুসূচীভূক্ত আৰু ইনাৰ লাইনযুক্ত এলেকাত 'কা'ৰ প্ৰভাৱ নপৰিব বুলি দিয়া চৰকাৰী আশ্বাস সম্পূৰ্ণ মিছা আৰু ৰাষ্ট্ৰব্যাপি চলি থকা 'কা'বিৰোধী আন্দোলনক বিভাজনমুখী কৰাৰ এক চক্ৰান্তহে মাথোঁ ৷
ইয়াৰোপৰি কয় যে এবাৰ বিদেশীয়ে নাগৰিকত্ব পালে তাক কোনো অঞ্চলত সেইসকল বিদেশীক বসবাস কৰিবলৈ বাধা দিব পৰা নাযাব ৷ ইতিমধ্যে ১৯৬০ চনৰ পৰাই তেতিয়াৰ পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)ৰ পৰা অহা অনুপ্ৰৱেশকাৰীসকল হাওৰাঘাট থানা এলেকাৰ বৰবিল -ৰংকুটত গ্ৰেজিং ৰিজাৰভত থিতাপি লৈ থৈছে আৰু পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংচ' থানা এলেকাৰ ৰংখাং সংৰক্ষিত বনাঞ্চলত সংস্থাপিত হৈছে ৷ সেইসকলক বিতাড়িত কৰিবলৈ কোনো সদিচ্ছা চৰকাৰে প্ৰদৰ্শন নকৰিলে ৷ ফলত ক্ৰমান্বয়ে পাহাৰৰ খিলঞ্জীয়াসকল সীমিত হৈ গৈ আছে ৷ আনহাতে বড়ো চুক্তিত বড়ো সকলৰ ভৈয়ামৰ জনজাতিৰ মৰ্যদা থকাৰ পিছতো চুক্তিৰ ৮ নং দফাত বড়ো সকললৈ পাৰ্বত্য জনজাতিৰ মৰ্যদা দিয়াৰো এই সংবাদ মেলত উপস্থিত থকা সংগঠনসমূহে বিৰোধিতা কৰে ৷ অহা ৩ ফেব্ৰুৱাৰীৰ ডিফু -মাঞ্জা পথৰ পাঁছ মাইলৰ ৰংবং টিমুঙ মেম'ৰিয়েল ইংলিছ স্কুল খেলপথাৰত অনুষ্ঠিত হবলগীয়া বৃহৎ প্ৰতিবাদী সমদলত সাংবাদিক অজিত ভূঞা, মনজিৎ মহন্ত, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰাজু বৰা, লাচিত সেনাৰ শৃংখল চলিহা, এজেৱাইচিৰপিৰ পলাশ চাংমাই আলফাৰ সাধাৰণ সম্পাদক তথা জনজাতীয় ঐক্য মঞ্চৰ সভাপতি অনুপ চেতিয়া উপস্থিত থাকিব বুলি নেতৃবৰ্গই সংবাদ মাধ্যমক জানিবলৈ দিছে ৷' কা' বিৰোধী প্ৰতিবাদী সভাত সকলোকে অং গ্ৰহণ কৰিবলৈ সংগঠন সমূহৰ নেতৃবৰ্গই এই সংবাদ মেলৰ জৰিয়তে আহ্বান জনায় ৷
আৰু পঢ়কঃবৰপেটাত মুকলি জীৱন কানন !