ডিফু12নবেম্বৰঃ বিজেপিৰ কেন্দ্রীয় নেতৃবর্গ বিশেষকৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে সভাই সমিতিয়ে মহিলা সৱলীকৰণ আৰু আত্মসহায়ক গােটৰ জৰিয়তে গ্রামীণ অর্থনীতিৰ ভেটি টনকিয়াল কৰাৰ আঁচনি তেওঁলােকৰ প্রথম লক্ষ্য বুলি দাবী কৰি আহিছে । কিন্তু, ইয়াৰ এখন বিপৰীত ছবি দেখা গল কার্বি আংলং জিলাৰ ধনশিৰিত ।
ধনশিৰিত থকা ধনশিৰি ক্লাছটাৰ লেভেল ফাউণ্ডেছনটো হ’ল অসমৰ ভিতৰতে এটা সফল গােট। ২৭৩টা আত্মসহায়ক গােটৰ ২৭০০ মহিলা প্রত্যক্ষভাবে এই খণ্ডটোৰ লগত জড়িত হৈ এই ফাউণ্ডেছনটোৰ অধীনত সফলভাবে বিভিন্ন সামগ্রী উৎপাদন কৰি এক বৃহৎ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। এই ফাউণ্ডেছনটোৰ অধীনৰ আত্মসহায়ক গােটসমূহে কেঁচু সাৰ, হালধী, জৈৱিক ঔষধকে ধৰি বিভিন্ন খাদ্য সম্ভাৰ বিক্রী কৰি আত্মনির্ভৰশীল হৈ এক আদর্শ দেখুৱাবলে সক্ষম হৈছে । কিন্তু, অতি পৰিতাপৰ কথা যে, এই ক্লাছটাৰটোৰ নিজাববীয়া কোনাে গৃহ নথকাৰ বাবে পৰিত্যক্ত হৈ থকা গাঁও উন্নয়ন সমিতিৰ কার্যালয়টো ২০১৫ চনত মেৰামতি কৰি তাতেই কার্যালয় পাতি অতিনিয়াৰকৈ পৰিচালনা কৰি আহিছে।
আনহাতে, ধনশিৰি পৰিষদীয় সমষ্টিৰ গাঁও উন্নয়ন সমিতিৰ অধ্যক্ষ এন্ডু ৰংপিয়ে ক্লাছটাৰখনৰ সভাপতি-সম্পাদকলৈ এখন নির্দেশনাযােগে ৪ নবেম্বৰৰ ভিতৰত এই গৃহটো খালী কৰি দিবলৈ নির্দেশ প্রদান কৰাত ক্লাছটাৰটোৰ বিষয়ববীয়া আৰু আত্মসহায়ক গােটসমূহ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। বছৰী ১ কোটিৰাে অধিক টকাৰ ব্যবসায়ীক লেনদেন কৰাএই ক্লাছটাৰটো হঠাতে খালী কৰিবলৈ দিয়াত ইয়াৰ বিষয়ববীয়াসকল বিপাঙত পৰিছে আৰু ইয়াৰ বিকল্প ব্যবস্থা কৰি দিবলৈ স্থানীয় এমএচি তথা পৰিষদৰ কার্যবাহী সদস্য প্রদীপ ডিফুছাক আহ্বান জনাইছে। কার্যবাহী সদস্যগৰাকীয়ে তেওঁলােকক কার্যালয়টো ব্যবহাৰ কৰি থাকিবলৈ কোৱাৰ বিপৰীতে গাঁও উন্নয়ন অধ্যক্ষ গৰাকীয়ে কার্যালয় গৃহটো খালী কৰিবলৈ অহৰহ হেঁচা দিয়াৰ ফলত আজি পাঁচ শতাধিক মহিলাৰ উপস্থিতিত এখন সভা অনুষ্ঠিত কৰি ইয়াৰ প্রতিবাদ কৰে ক্লাছটাৰটোৰ বিষয়ববীয়াসকলে ।
ইয়াৰ পিছতে ক্লাছটাৰটোৰ সভাপতি মুকুতা হােজাইছা, সম্পাদিকা ৰীতা থাপা, কবিতা ৰংহাংপী আৰু আডছুৰ পৱিত্র নুনিছাই এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলযােগে তেওঁলােকে কয় যে, অসমৰ ভিতৰতে অন্যতম ৰূপে পৰিচিত এই ক্লাছটাৰটোৰ নিজাববীয়া কোনাে কার্যালয় নাই। স্থানীয় এমএচি তথা পৰিষদীয় সদস্য গৰাকীৰ সন্মতি সাপেক্ষে আমি এই কার্যালয়টো ব্যবহাৰ কৰিছাে। কোনাে বিকল্প নােহােৱাকৈ ইমান নথিপত্র আৰু উৎপাদিত সামগ্রী থকা এই কার্যালয়টো আমি ইমান কম সময়ৰ ভিতৰত কেনেকৈ খালী কৰি দিম। তেওঁলােকে লগতে কয় যে, চৰকাৰৰ পৰা লাভ কৰা সাহায্যৰে ২৭৩টা আত্মসহায়ক গােটে গঢ় দিয়া অনুষ্ঠানটো যদি এনেকৈ খালী কৰিবলৈ নির্দেশ দিয়ে সেইটো অতি পৰিতাপৰ কথা। বিকল্প কোনাে কার্যালয় নােপােৱা পর্যন্ত এই কার্যালয়টো খালী কৰি নিদিয়ে বুলি বৃহস্পতিবাৰে মহিলাসকলে সংবাদমেলযােগে প্রকাশ কৰে ৷
লগতে পঢ়কঃ বিটিচিত উৰিব বিজেপিৰ বিজয়ধ্বজা: ৰঞ্জিত দাস