ডিফু, 25 অক্টোবৰঃ বৃহস্পতিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত ছাত্ৰ সংগঠনকে ধৰি কেইবাটাও জনজাতীয় সংগঠনে পাৰ্বত্য জিলাখনত চাকৰিৰ বাবে এশ শতাংশ সংৰক্ষণৰ দাবী জনাইছে ৷ বৃহস্পতিবাৰে বিয়লি ডিফুৰ ৰংখেলানস্থিত কেএছএৰ কাৰ্যালয়ত জিলাখনৰ জনজাতীয় সংগঠন ক্ৰমে, কেএছএ, কেএছৱাইচি, কেএছইউ, কেএফএ আৰু কেএনএৰ নেতৃবৰ্গই এক সংবাদ মেল সম্বোধন কৰে ৷
![Press meet of tribal organisation at diphu](https://etvbharatimages.akamaized.net/etvbharat/prod-images/4863586_d.jpg)
উল্লেখযোগ্য যে, অহা শণিবাৰে ডিফুত স্থাপন হোৱা হিলছ মেডিকেল কলেজ আৰু গৱেষণা কেন্দ্ৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব ৷ সেয়েহে সংবাদমেলযোগে জনজাতীয় সংগঠন সমূহে ষষ্ঠ অনুসূচীৰ লোক সকলৰ উন্নতিৰ বাবে মেডিকেল কলেজৰ কৰ্তৃপক্ষক অন্য জিলাৰ প্ৰাৰ্থীক পৰীক্ষাত বহিবলৈ অনুমতি নিদিবলৈ আহ্বান জনোৱাৰ লগতে অন্য জিলাৰ প্ৰাৰ্থী সকলকো পৰীক্ষাত অৱতীৰ্ণ নহ’বলৈ আহ্বান জনায় ৷