ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা ২৪ প্লাছ সংগঠনৰ

author img

By

Published : Mar 22, 2022, 10:07 AM IST

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি নিজাববীয়া নীতি অবিহনে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Election of Karbi Anglong autonomous Council) অনুষ্ঠিত কৰিবলৈ লোৱা বুলি দাবী 24 প্লাছ সংগঠনৰ ৷ এই নিৰ্বাচন অবৈধ বুলি দাবী কৰে সংগঠনটোৰ মুখপাত্ৰগৰাকীয়ে ৷ বিষয় সন্দৰ্ভত সংবাদমেল সম্বোধন ৷

press-meet-of-24-plus-organisation-held-in-diphu-club
ডিফুত ২৪ প্লাছ সংগঠনৰ সংবাদমেল

ডিফু, 22 মাৰ্চ: সমাগত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Election of Karbi Anglong autonomous Council) ৷ কিন্তু এই নিৰ্বাচনক লৈ সৃষ্টি হৈছে বিতৰ্কৰ ৷ সোমবাৰে সন্ধিয়া এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন (Press meet of 24 plus organization) কৰে 24 প্লাছ সংগঠনৰ মুখপাত্ৰ লিটছন ৰংফাৰে ৷ ডিফু প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদমেলখনত অংশ গ্ৰহণ কৰি ৰংফাৰে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সুবিধা অনুসৰি পৰিষদৰ নিজাববীয়া নীতি অবিহনে সমাগত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱা বুলি সদৰী কৰে ৷ তদুপৰি এই নিৰ্বাচন অবৈধ বুলি দাবী কৰে সংগঠনটোৰ মুখপাত্ৰগৰাকীয়ে ৷

সংবাদমেলখনতে মুখপাত্ৰ ৰংফাৰে সদৰী কৰা অনুসৰি, ২৪ প্লাছ সংগঠনৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদক পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে নিজাববীয়া নীতি প্ৰস্তুত কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল ৷ কিন্তু পৰিষদ কৰ্তৃপক্ষই সেই নিৰ্দেশ আজিকোপতি কাৰ্যকৰীকৰণ নকৰিলে ৷ পৰিষদৰ এনে কাৰ্যক ধিক্কাৰ জনাই সোমবাৰে ২৪ প্লাছ সংগঠনে সংবাদমেলখন অনুষ্ঠিত কৰে ৷

ডিফুত ২৪ প্লাছ সংগঠনৰ সংবাদমেল

লিটছন ৰংফাৰে ইয়াকো কয় যে, জিলাখনৰ ৰাইজে বহু আশা কৰি পৰিষদ, দিছপুৰ আৰু কেন্দ্ৰত বিজেপি প্ৰাৰ্থীক নিৰ্বাচিত কৰি পঠিয়াইছিল ৷ কিন্তু নিৰ্বাচিত জনপ্ৰতিনিধিসকলে ৰাইজৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ফালে পিঠি দি কেৱল নিজৰ লাভালাভত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ৷ বিজেপি চৰকাৰে কাৰ্বি আংলঙৰ মূল দাবীক দমন কৰি ৰাখি ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰাৰো অভিযোগ তোলে নেতাগৰাকীয়ে ৷

আনহাতে, তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে'ক কটাক্ষ কৰি ৰংফাৰে কয়, সাংসদ গৰাকীয়ে সংসদত জিলাখনৰ মূল দাবীসমূহ উত্থাপন কৰাৰ সলনি ডিফু ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছ ৰে’লখনৰ বাবে ষ্টপেজৰ দাবী কৰাটো অতিকৈ লজ্জাজনক ৷ সাংসদ গৰাকীক পদত থকাৰ দৰকাৰ নাই বুলি দাবী কৰি নিজাববীয়া নীতি প্ৰস্তুত নকৰা পৰ্যন্ত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন বৰ্জন কৰিবলৈ ৰাইজক আহ্বান জনাই 24 প্লাছ সংগঠনটোৰ মুখপাত্ৰগৰাকীয়ে ৷

লগতে চাওক: Murder in Barpeta: ভগ্নীৰ সন্মুখতে হত্যা কৰা হ’ল যুৱতী অধিবক্তাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.