ETV Bharat / state

KAAC electionত গোৰ্খা প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ আহ্বান AAGSU ৰ

author img

By

Published : May 15, 2022, 10:53 PM IST

সমগত কাৰ্বি পৰিষদীয় নিৰ্বাচনত পূৱ আৰু আৰু পশ্চিম কাৰ্বি আংলঙত দুজনকৈ গোৰ্খা প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ দাবীত আগছুৰ সংবাদমেল (Press meet by AAGSU regarding KAAC election) ৷ লগতে বিজেপিৰ লগত যিকোনো গোৰ্খাক বিজেপিয়ে টিকট প্ৰদান কৰিলে তাত আগছুৱে আপত্তি নকৰে বুলি জনায় বিজয় দাহালে ৷

Press meet by AAGSU regarding KAAC election in Diphu
KAAC electionত গোৰ্খা প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ আহ্বান AAGSU ৰ

ডিফু, 15 মে’: সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত গোৰ্খা জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিবলৈ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত দুজনকৈ গোৰ্খা প্ৰাৰ্থীক টিকট প্ৰদান কৰিবলৈ দাবী জনাইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ( All Assam Gorkha Students' Union) চমুকৈ আগছুৰ কাৰ্বি আংলং জিলা সমিতিয়ে ৷

দেওবাৰে ডিফুৰ দেৱানবস্তিস্থিত গোৰ্খা ভৱনত আগছুৰ কাৰ্বি আংলং জিলা সমিতিৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ এই সভাত সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ একাধিক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জানিব পৰা গৈছে ৷

লগতে দেওবাৰে সন্ধিয়া ডিফুস্থিত জিলা প্ৰেছ ক্লাৱত এক সংবাদমেলৰ আয়োজন কৰি (Press meet by AAGSU regarding KAAC election) আগছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক বিজয় দাহালে প্ৰস্তাৱ সমূহৰ কথা সদৰি কৰি, সমাগত কাৰ্বি পৰিষদীয় নিৰ্বাচনত যি দলে দুয়োখন পাহাৰীয়া জিলাত গোৰ্খা সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰা দুজনকৈ প্ৰাৰ্থীক দলীয় টিকট প্ৰদান কৰিব সেই দলকে আগছুৱে সমৰ্থন কৰাৰ লগতে গোৰ্খা প্ৰাৰ্থী গৰাকীক জয়ী কৰাই আনিব বুলি মন্তব্য কৰে ৷

ইতিমধ্যে, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিজেপিৰ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ শীৰ্ষ নেতাসকলৰ লগত সাক্ষাৎ কৰি দাবী সন্দৰ্ভত অৱগত কৰে বুলি জানিবলৈ দিছে সাধাৰণ সম্পাদকগৰাকীয়ে ৷ আনহাতে বিজেপি আৰু বিৰোধী দল পৰস্পৰে গোৰ্খা প্ৰতিনিধিক টিকট দিলে তেনে ক্ষেত্ৰত আগছুৱে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব বুলি কয় ৷

বিশেষকৈ বিজেপিৰ লগত যিকোনো গোৰ্খাক বিজেপিয়ে টিকট প্ৰদান কৰিব পাৰে তাত আগছুৱে আপত্তি নকৰে বুলি জনায় বিজয় দাহালে ৷ আনহাতে, কোনো দলে গোৰ্খা প্ৰাৰ্থীক টিকট দিয়াৰ পৰা বিৰত থাকিলে আগছুৱে জিলাখনৰ আন আন সংগঠনৰ লগত জড়িত হৈ সংযুক্তভাৱে প্ৰাৰ্থী প্ৰক্ষেপ কৰি সেইসকল প্ৰাৰ্থী সকলক জয়ী কৰাই আনিব বুলি হুংকাৰ দিয়ে আগছুৰ সাম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক : ২ কোটি টকা মূল্যৰ নিচাজাতীয় সামগ্ৰীসহ দুই সৰবৰাহকাৰী BSFৰ জালত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.