ডিফু, ১০ ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাত ৫ ফেব্ৰুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হয় সপ্তম সদৌ অসম ভাৰ উত্তোলন প্ৰতিযোগিতাৰ । এই প্ৰতিযোগিতাত ৰাজ্য়ৰ বিভিন্ন জিলাৰ লগতে কাৰ্বি আংলং জিলাৰ প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰিছিল । তাৰ ভিতৰত পাহাৰীয়া জিলা কাৰ্বি আংলঙলৈ গৌৰৱ কঢ়িয়াই আনিলে ৩ গৰাকী খেলুৱৈয়ে ৷ ইয়াৰে ডিফুৰ হৰি দাসে ১০৫ কেজি শাখাত অংশ গ্ৰহণ কৰি মুঠ ৪৪৫ কেজি ভাৰ উত্তোলন কৰি সোণৰ পদক অৰ্জন কৰি নিথিল ভাৰ উত্তোলন চেম্পিয়নশ্বিপলৈ নিৰ্বাচিত হয় ৷
পদক লাভ কৰা আন দুজন খেলুৱৈ ক্ৰমে মহিলাৰ মিৰকুংৰিয়ে ৮৮ কেজি শাখাত ৰূপৰ পদক লাভ কৰে ৷ পিটৰ ফাংচ'ৱে ১২০ কেজি শাখাত অংশ গ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ৷ উক্ত প্ৰতিযোগিতাত ১০ জনকৈ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল বুলি কাৰ্বি আংলং পাৱাৰ লিফ্টিং সন্থাৰ সভাপতি চিৰাজ ইংতিয়ে জানিবলৈ দিছে ৷ পদক লাভ কৰি তিনিওজন খেলুৱৈয়ে উৎফুল্লিত হৈ পৰাৰ লগতে জিলাখনৰ ক্ৰীড়া প্ৰেমীৰ মাজত এক আশাৰ ৰেঙনি সঞ্চাৰ কৰিছে ৷
লগতে পঢ়ক: ডিব্ৰুগড়ৰ ভিন্ন স্থানত আছুৰ প্ৰতিবাদ