ডিফু, ২৬ জুন: ড্ৰাগছৰ(Drugs) বিৰুদ্ধে আৰক্ষীয়ে একাধিক সফল অভিযান চলোৱাৰ সময়তে শুকুৰবাৰে কাৰ্বি আংলং আৰক্ষীয়ে মাঞ্জাত অভিযান চলাই কেঁচা সামগ্ৰী ৰূপে ড্ৰাগছত ব্যৱহৃত বৃহৎ পৰিমাণৰ আফু গুটিৰ (poppy seed) লগতে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে শুকুৰবাৰে পুৱাতে আৰক্ষী উপাধ্যক্ষ (মুখ্য), মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত মাঞ্জা থানাৰ ষ্টাফসহ এক বিশেষ সূত্ৰৰ পম খেদি মাঞ্জা থানাৰ অন্তৰ্গত আইচিডিপিত RJ-১৯-GB-৯৮২৫ নম্বৰৰ ১২ চকীয়া অশোকা লি লেণ্ড ট্ৰাকত তালাচী চলাই ২৪ কুইণ্টল ৮৬ কেজি আফু গুটিৰ লগতে দুটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
হেণ্ডিমেন আৰু চালকৰূপী আটকাধীন লোক দুজন ক্ৰমে ৰাজস্থানৰ যোধপুৰ ভিয়াচৰৰ কৃষণৰাম আৰু ৰাজস্থান ফালদি জিলাৰ ভোজাচৰ থানা এলেকাৰ চিথৰভেৰাৰ চন্দ্ৰ প্ৰকাশ বুলি চিনাক্ত কৰা হৈছে । আটকাধীন লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত কৃষণৰামক লগত লৈ পুনৰ মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী জিতুমনি ডেকা আৰু সংগীসকলে আৰু খটখটী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী মৌবলিক ব্ৰক্ষ্ম আৰু থানাৰ এটা দলসহ ডিমাপুৰৰ চামুকিডিমাত অভিযান চলাই ডিমাপুৰ চামুকিডিমাৰ নদীপাৰ নিৱাসী নুৰুল ইছলামৰ পুত্ৰ ছাইফুল ইছলামক আটক কৰিবলৈ সক্ষম হোৱাৰ লগতে চামুকিডিমাস্থিত গুদামৰ পৰা আৰু ১৭ কেজি আফুগুটি জব্দ কৰিবলৈ সক্ষম হয় ৷
এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ(IPC) ধাৰা এনডিপিএছ (NDPS act)ৰ ১৫(গ)/২৫/২৭ (ক)/২৯ ত মাঞ্জা থানাত ৩৪/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, ড্ৰাগছ সৰবৰাহকাৰী সকলে ৰাষ্ট্ৰীয় ঘাই পথক নিৰাপদ ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও ড্ৰাগছ প্ৰস্তুতত ব্যৱহৃত কেঁচা সামগ্ৰীসমূহ এনেদৰে সৰবৰাহৰ প্ৰক্ৰিয়াই ড্ৰাগছৰ ক্ষেত্ৰত বৃহৎ আন্তঃ ৰাষ্ট্ৰীয় বজাৰ (International market) গঢ়লৈ উঠিব পাৰে বুলি সচেতন মহলে উদ্বিগ্নতা প্ৰকাশ কৰিছে ৷ আনহাতে আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছৰ উক্ত বৃহৎ চক্ৰটোৰ সৈতে অপৰাধ জগতৰ বহু লোক জড়িত থকা বুলি আশংকা কৰা হৈছে ৷
লগতে পঢ়ক:মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী