কাৰ্বি আংলং, 14 মে’: পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী হাতত লৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ৷ কিন্তু শাসনৰ গাদী দখল কৰা আজি প্ৰায় তিনিটা বছৰৰ সম্পূৰ্ণ হোৱাৰ পাচতো কিন্তু সাধাৰণ ৰাইজৰ দুৰ্দশাৰ ছবিখন একেই থাকিল, নাহিল কোনো পৰিৱৰ্তন ৷ কাৰ্বি আংলংৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাই এতিয়া বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷ অসম,নাগালেণ্ড আৰু মণিপুৰ সংযোগী এই 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁত সমূহৰ বাবে সোমবাৰে নিশা গাঁতত পৰি একেলগে দুখনকৈ ট্ৰাক আবদ্ধ হৈ পৰে যাৰ ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে পথটোৰ যাতায়ত ব্যৱস্থা । পুৱাৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথটোৰ মাজত আবদ্ধ হৈ পৰে শ-শ বাহন ৷
লগতে পঢ়ক: চিকিৎসক অপৰাগ ! উপায়ুক্তৰ তৎতপৰতাতহে প্ৰাণৰক্ষা প্ৰসূতিৰ
এছিয়ান ঘাইপথ নং ১ ৰূপে পৰিচিত এই 39নং ৰাষ্ট্ৰীয় ঘাইপথটোত বাৰিষা হ'লেই সৃষ্টি হয় প্ৰকাণ্ড পুখুৰীৰ ৷ ফলত নিতৌ সংঘটিত হয় ইটোৰ পিচত সিটো দুৰ্ঘটনাৰ ৷ এতিয়া প্ৰশ্ন হয় কেতিয়া পৰিৱৰ্তন আহিব এই পথটোলৈ? নে উন্নয়ন কেৱল শ্ল'গানতে সীমাৱদ্ধ থাকিব!