ETV Bharat / state

পৰকীয়া প্ৰেমৰ পৰিণতিত ৰঙাঘৰৰ আলহী হ’ল আৰক্ষী বিষয়া - হামৰেণ আৰক্ষী অধীক্ষক

এইবাৰ পৰকীয়া প্ৰেমৰ পৰিণতিত ৰঙাঘৰৰ আলহী হ’ল খোদ আৰক্ষী বিষয়া ৷ তিনি সন্তানৰ মাতৃৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ পৰিণতিত অৱশেষত গ্ৰেপ্তাৰ কৰিব লগা হ’ল জেংখাস্থিত আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুঞ্জন দত্ত ৷

POLICE OFFICER SENT TO JAIL AT DIPHU
পৰকীয়া প্ৰেমৰ পৰিণতিৰ ফলত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়া
author img

By

Published : May 22, 2021, 1:50 PM IST

ডিফু, ২২ মে : কোনো সাধাৰণ লোক নহয় ৷ এইবাৰ পৰকীয়া প্ৰেমৰ পৰিণতিত ৰঙাঘৰৰ আলহী হ’ল খোদ আৰক্ষী বিষয়া ৷ আইনৰ ৰক্ষক হিচাপে নাৰীৰ পৰকীয়া প্ৰেমত পৰি nক আপত সোমাল জেংখাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৷ পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণি আৰক্ষী থানাৰ অধীনস্থ মেনমজিৰ ৰংকুৰো নামৰ গাঁওখনৰ তিনি সন্তানৰ মাতৃৰ সৈতে দীৰ্ঘদিনীয়া প্ৰেমৰ পৰিণতিত অৱশেষত গ্ৰেপ্তাৰ কৰিব লগা হ’ল জেংখাস্থিত আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুঞ্জন দত্ত ৷

মহিলাগৰাকীৰ স্বামীয়ে ১৭ মে’ত পত্নী হেৰোৱা বুলি খেৰণি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷ উক্ত এজাহাৰৰ ভিত্তিত কাৰ্বি ছাত্ৰ সন্থাৰ জেংখা, খেৰণি আৰু হাৱাইপুৰ শাখাৰ ছাত্ৰ সংগঠনটোৰ যুটীয়াভাৱে অভিযান চলাই খেৰণি আৰক্ষী থানাত আৰক্ষী বিষয়া গুঞ্জন দত্তৰ বিৰুদ্ধে আন এখন এজাহাৰ দাখিল কৰে ৷ ছাত্ৰ সংগঠনটোৱে ৰুজু কৰা গোচৰ নং জিআৰ নং-৮৬/২০২১ খেৰণি থানা গোচৰ নং-৫১/২০২১ ইউ/এচ ৩৬৫/৩৭৬/৫০৬ আইপিচিৰ ভিত্তিত আৰক্ষীয়ে দত্তক গ্ৰেপ্তাৰ কৰি হামৰেণ জেললৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, জিলাখনৰ কাৰ্বি ছাত্ৰ সংগঠনৰ যুটীয়া এক প্ৰতিনিধি দলে এই সন্দৰ্ভত নৱ নিযুক্তি হামৰেণ আৰক্ষী অধীক্ষক অজাংৰাণ বসুমতাৰীক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ ব্যক্ত কৰে ৷ ইয়াৰ পাচতেই আইনগতভাৱে খেৰণি থানাৰ আৰক্ষীয়ে জেংখাৰ আৰক্ষী তহলদাৰী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুঞ্জন দত্তক গ্ৰেপ্তাৰ কৰি হামৰেণ জেললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : প্ৰায় এমাহ এদিনৰ অন্তত স্ব-ভূমিত উপস্থিত ৰিতুল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.