ডিফু,14 জুন : দেওবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জাত সংঘটিত হৈছে এক অঘটন ৷ নিজ পুত্ৰই কোৰেৰে আক্ৰমণ কৰিলে ৬০ বছৰীয়া মাতৃক ৷ পুত্ৰৰ কোৰৰ ঘাপত গুৰুতৰভাৱে আহত হয় মাতৃ বিবিয়ানা মাৰাক ৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, বিবিয়ানা মাৰাকৰ ভাড়াঘৰৰ বাসিন্দা তাৰাচান্দ স্বামী আৰু পত্নী প্ৰিয়া স্বামীৰ সৈতে পুত্ৰ পিটাৰ মাৰাকৰ কিছু বাক-বিতণ্ডাৰ সূত্ৰপাত ঘটে ৷ পৰৱৰ্তী সময়ত দুয়ো পক্ষৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, পিটাৰ মাৰাকে তাৰাচান্দ স্বামী আৰু তেওঁৰ পত্নী প্ৰিয়া স্বামীক কোৰেৰে কৰে প্ৰহাৰ ৷ পিটাৰ মাৰাকৰ মাতৃয়ে এই কাজিয়াত বাধা দিবলৈ যোৱাত মাতৃকো প্ৰহাৰ কৰে ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় পিটাৰৰ মাতৃৰ লগতে ভাড়াতীয়া দম্পতীটো ৷
এই ঘটনাৰ লগত জড়িত পিটাৰ মাৰাক ওৰফে পৰৱ (৩৫) ক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে আহত তিনিওকে হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷ এই ঘটনাত ব্যৱহৃত দা আৰু কোৰখন আৰক্ষীয়ে জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত মাঞ্জা থানাত এক গোচৰ ৰুজু কৰিছে ৷