ETV Bharat / state

অযোধ্যাৰ ভূমি পূজনৰ পাচতে ডিফু, বকলীয়া ঘাটত আৱতৰীয়া দেৱালী - শ্ৰীশ্ৰী ৰামজানকী শিৱ মন্দিৰ

অযোধ্যাৰ ৰাম মন্দিৰৰ শিলান্যাস অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ডিফুৰ বিভিন্ন মন্দিৰ, সেৱাধামত পূজা অৰ্চনা কৰাৰ লগতে বাসস্থান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত মম আৰু চাকি জ্বলায় বিভিন্ন লোকে ৷

people in diphu and bakaliaghat celebrate ram mandir bhumipujon

author img

By

Published : Aug 5, 2020, 10:25 PM IST

ডিফু,৫ আগষ্ট : অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষতে এক উছৱমুখৰ পৰিৱেশ অব্যাহত আছে ৷ একে সময়তে বুধবাৰে কাৰ্বি আংলং জিলাৰ সদৰ ডিফু আৰু বকলীয়াঘাটতো এক আনন্দমুখৰ পৰিবেশ দেখিবলৈ পোৱা যায়। অযোধ্যাৰ ৰাম মন্দিৰৰ শিলান্যাস অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ডিফুৰ বিভিন্ন মন্দিৰ, সেৱাধামত পূজা অৰ্চনা কৰাৰ লগতে বাসস্থান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত মম আৰু চাকি জ্বলায় বিভিন্ন লোকে ৷

people in diphu and bakaliaghat celebrate ram mandir bhumipujon
ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনক কেন্দ্ৰ কৰি উল্লাস

ইয়াৰোপৰি ঠাই বিশেষে ভক্তসকলে ফটকা ফুটাই উল্লাহ প্ৰকাশ কৰা পৰিলক্ষিত হয় ৷ বকলীয়াঘাটৰ শ্ৰীশ্ৰী ৰামজানকী শিৱ মন্দিৰতো ভক্তসকলে পূজা পাৰ্ৱন অব্যাহত ৰাখি ৰাম জনমভূমিত ৰাম মন্দিৰ স্থাপনৰ শুভাৰম্ভ অনুষ্ঠানৰ প্ৰতি সঁহাৰি জনায় ।

ৰাম মন্দিৰৰ শিলান্যাসৰ আনন্দ

আনহাতে অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসৰ মাহেন্দ্ৰ ক্ষণত ৰাম জানকী শিৱ মন্দিৰতো ধৰ্মধ্বজা উত্তোলন কৰা হয় । সন্ধিয়াৰ ভাগত মন্দিৰ প্ৰাংগণৰ লগতে সমগ্ৰ বকলীয়াঘাট বজাৰ এলেকাত বন্তি প্ৰজ্জ্বলন কৰা হয় । বকলীয়াঘাটৰ বিভিন্ন স্থানত আজি পুৱাৰে পৰা গেৰুৱা নিচান দেখিবলৈ পোৱা যায় ।

লগতে পঢ়ক : অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপনকলৈ মঙলদৈত যজ্ঞৰ আয়োজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.