ডিফু, ১৩ জুন: আজি প্ৰতিবাদমুখী হৈ পৰিল ডিফুৰ এটা কোৱাৰেণ্টাইন কেন্দ্ৰ ৷ কেন্দ্ৰটোৰ পৰা ওলাই আহি প্ৰতিবাদত নামিল একাংশ লোক ৷ ডিফু-লামডিং পথৰ কাৰবি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰিবহন বিভাগৰ ৱৰ্কশ্বপত থকা কোৱাৰেন্টাইন কেন্দ্ৰত অস্বাস্থ্যকৰ পৰিৱেশ আৰু বিভাগীয় কতৃপক্ষই চোৱা-চিতা নকৰাৰ অভিযোগত প্ৰতিবাদত নামি পৰে বহিঃৰাজ্যৰ পৰা আহি কেন্দ্ৰটোত থকা লোকসকলে ৷
প্ৰায় ১৮-২০ দিনে কোনো চিকিৎসক অথবা স্বাস্থ্যকৰ্মীয়ে কেন্দ্ৰটোত থকা লোকসকলৰ খবৰ নোলোৱাৰ অভিযোগ লোকসকলৰ ৷ ইয়াৰোপৰি কেন্দ্ৰটোৰ পৰা ৫ জনকৈ COVID 19 ৰোগী ওলাই নিয়াৰ পিছতো কেন্দ্ৰটো চেনিটাইজেশ্যন নকৰাৰ লগতে COVID 19 ৰোগীয়ে ব্যৱহাৰ কৰা বিছনা কেইখন আঁতৰোৱা নাই বুলি অভিযোগ কৰে কেন্দ্ৰটোত থকা লোকসকলে ৷
লগতে পঢ়কঃ লাডাখ বিবাদ: ভাৰতীয় প্ৰধানমন্ত্ৰীসকলৰ চীন ভ্ৰমণক স্মৰণ জ্যেষ্ঠ কংগ্ৰেছী নেতা আহমেদ পেটেলৰ
আনহাতে কেন্দ্ৰটোৰ পিছফালে থকা ডাঙৰ গাঁতত পেলনীয়া খাদ্য সামগ্ৰী পেলোৱাৰ ফলত দূৰ্গন্ধই কেন্দ্ৰটোত থকাৰ পৰিৱেশ নাইকিয়া কৰিছে বুলিও জানিবলৈ দিয়ে লোকসকলে ৷ লগতে প্ৰায় ১৮ দিন পাৰ হোৱাৰ পিছতো লোকসকলৰ স্বাৱ পৰীক্ষা নকৰাৰ লগতে পূৰ্বৰ পৰীক্ষাৰ ফলাফলো এই পৰ্যন্ত একাংশই পোৱা নাই বুলি অভিযোগ কৰি প্ৰতিবাদত নামি পৰে ৷