ETV Bharat / state

ডকমকাত আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ

author img

By

Published : Jun 11, 2020, 4:40 PM IST

Updated : Jun 11, 2020, 5:52 PM IST

ডকমকাত সেনা-আৰক্ষীয়ে যৌথ অভিযানত চলাই আটক কৰিবলৈ সক্ষম হৈছে অস্ত্ৰসহ এজন পিডিচিকে কেডাৰ ৷ অভিযানকাৰী দলটোৱে কেডাৰজনৰ পৰা পিষ্টলৰ লগতে ১০ জাঁই সজীৱ গুলী আৰু দুটাকৈ ৰেডিঅ’ ছেট উদ্ধাৰ কৰে ৷

PDCK Kedar arrested in karbi anglong diphu
ডকমকাত আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ

ডিফু,11 জুন: কাৰ্বি আংলঙত অব্যাহত আছে উগ্ৰপন্থীৰ বিৰুদ্ধে ব্যাপক অভিযান ৷ প্ৰায় প্ৰতিদিনে চলা এই অভিযানত সেনা-আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে উগ্ৰপন্থী সংগঠন পিডিচিকেৰ এজন দুৰ্ধৰ্ষ কেডাৰ ৷ বিগত কিছুদিন পূৰ্বে বৃহৎ অস্ত্ৰভাণ্ডাৰ উৎখাতৰ লগতে আৰক্ষীৰ অভিযানত আটক হৈছিল পিডিচিকেৰ গৃহ সচিব ডেভিড মুক্ৰাঙ সহ চাৰি কেডাৰ ৷ পুনৰ ভাৰতীয় সেনা-আৰক্ষীয়ে চলোৱা এক অভিযানত এজন কেডাৰ আটক হোৱাৰ লগতে জব্দ কৰিবলৈ সক্ষম হয় কিছু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ ৷ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত থেৰাবাছাৰ গভীৰ অৰণ্যত এই অভিযান চলাইছিল সেনা-আৰক্ষীয়ে ৷

ডকমকাত আটক দুৰ্ধৰ্ষ উগ্ৰপন্থী কেডাৰ

ধৃত কেডাৰ কুলডুঙ নিবাসী ধৰম হাঞ্চেৰ স্বীকাৰোক্তিৰ ভিত্তিত অভিযানকাৰী দলটোৱে অন্য এক অঞ্চলৰ পৰা এটা পিষ্টলৰ লগতে ১০ জাঁই সজীৱ গুলী আৰু দুটা ৰেডিঅ’ ছেট উদ্ধাৰ কৰে ৷ উল্লেখ্য যে,বিগত দুসপ্তাহ ধৰি সেনা-আৰক্ষীৰ লগতে অন্য নিৰাপত্তা বাহিনীৰ উগ্ৰপন্থী বিৰোধী অভিযানে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক: বাঘজান ঘটনা সন্দৰ্ভত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিক্ৰিয়া

Last Updated : Jun 11, 2020, 5:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.