ETV Bharat / state

ডিফুৰ আৱৰ্ত ভৱনত মন্ত্ৰী শুক্লবৈদ্যৰ পৰ্যালোচনা বৈঠক - এক পৰ্যালোচনা বৈঠক

দেওবাৰে ডিফুৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হয় এক পৰ্যালোচনা বৈঠক ৷ এই বৈঠকত উপস্থিত থাকে মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya meet a review meeting at Diphu) ৷ এই বৈঠকতে পাহাৰীয়া জিলাখনৰ উন্নয়নৰ হকে কেবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয় ৷

Parimal Suklabaidya meet a review meeting
ডিফুৰ আৱৰ্ত ভৱনত আয়োজিত পৰ্যালোচনা বৈঠক
author img

By

Published : Sep 4, 2022, 9:12 PM IST

ডিফু, ৪ ছেপ্টেম্বৰ : দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে ডিফুত উপস্থিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ তাৰ পাচত মন্ত্ৰীগৰাকীয়ে ডিফুত আবকাৰী, পৰিবহন আৰু মীন বিভাগৰ বিষয়া কৰ্মীৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় (Parimal Suklabaidya meet a review meeting at Diphu) ৷

ডিফুৰ আৱৰ্ত ভৱনত আয়োজিত পৰ্যালোচনা বৈঠক

ডিফু আৱৰ্ত ভৱনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বিভাগীয় ই এমদ্বয় মধুৰাম লেকথে আৰু বিলিমোহন খাকলাৰী আৰু জিলা উপায়ুক্ত দিবাকৰ নাথৰ উপস্থিত উল্লেখিত তিনিওটা বিভাগৰ বিষয় কৰ্মীৰ সৈতে বিভাগ তিনিটাৰ কাম-কাজৰ বুজ লয় ৷ লগতে বিভাগসমূহৰ সৈতে পৰ্যালেচনা কৰে মন্ত্ৰীগৰাকী ৷

উক্ত বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, পৰিবহন আৰু আৱকাৰী ৰাজহ সংগ্ৰহৰ এক বৃহৎ উৎস ৷ উক্ত বিভাগ দুটাক সঠিক দিশত আৰু সু-পৰিচালনাৰে সঠিক দিশেৰে আগুৱাই নিবলৈ দেওবাৰে ডিফুত বিভাগীয় বিষয়া কৰ্মীৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷

বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকা খটখটীত অবৈধ অৰুণাচলী সুৰা, চুলাই আদিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি এইসমূহ ব্যৱসায় সম্পূৰ্ণৰূপে উৎখাত কৰাৰ লগতে বৈধ গ্ৰাহকসমূহৰ পৰা ৰাজহ সংগ্ৰহ কৰি ৰাইজৰ বিকাশৰ বাবে কাম কৰিবলৈ অগ্ৰসৰ হ’বলৈ চৰকাৰখন বদ্ধ পৰিকৰ ৷

লগতে পঢ়ক : জেহাদী প্ৰসংগত ইছলামিক সংগঠনৰ প্ৰতিনিধিৰে DGPৰ আলোচনা

জিলাখনত বিভাগটোৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হৈছে বুলি স্বীকাৰ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, বছৰি প্ৰায় ১০০ কোটি সংগ্ৰহৰ প্ৰচেষ্টা চলোৱা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, মীন বিভাগটো সমাজ ব্যৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

তেওঁ কয় যে, মীন বিভাগটোৰ জৰিয়তে স্থানীয়ভাৱ মাছৰ উৎপাদন বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ কেন্দ্ৰীয় চৰকাৰৰ পিএমএমএছৱাই আৰু আৰকেভিৱাই আঁচনিৰ জৰিয়তে পাহাৰীয়া জিলাখনত বিজ্ঞান সন্মতভাৱে মৎস্য উৎপাদনৰ প্ৰয়াস কৰা হ’ব ৷

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰৰ পুঁজিৰ অভাৱত ৰাজহ সংগ্ৰহ কৰা নহয় ৷ বৰঞ্চ ৰাজহ সংগ্ৰহ কৰি ৰাইজৰ উন্নয়ণ আৰু বিকাশত খৰছ কৰা হয় ৷ পৰিবহন বিভাগৰ জৰিয়তে ৰাজপথত অত্যাধিক বোজাই বাহন আৰু অত্যাধিক গতিৰ বাহনৰ পৰা জৰিমনা বিহি ৰাজহ সংগ্ৰহ কৰা হয় ৷ ৰাজহ সংগ্ৰহেৰে বিভাগসমূহকো নিয়ন্ত্ৰণত ৰখা হয় বুলি মন্তব্য কৰে কেবিনেট মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷

লগতে পঢ়ক : শৰ্মা কেবিনেটক আদৰিবলৈ কোকৰাঝাৰ ৰমক-জমক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.