ডিফু,23 ফেব্রুৱাৰীঃ ২৫ ফেব্ৰুৱাৰীত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ কার্বি আংলং ভ্রমণৰ পূৰ্বে জিলাখনক স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা প্ৰদানৰ দাবীত সৰৱ হৈ পৰিছে স্থানীয় দল-সংগঠনসমূহ ৷ সোমবাৰে বিয়লি চিচিইউ আৰু কাঞাচাছডিকমে পৃথকে পৃথকে সংবাদমেল সম্বোধন কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীৰ ভ্ৰমণৰ সময়তে পাহাৰীয়া এলেকাটোক সামৰি এখন স্বায়ত্ব শাসিত ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰা দেখা গৈছে ।
কার্বি ছাত্র সন্থাৰ ৰংখেলানস্থিত কার্যালয়ত এক সংবাদমেলৰ আয়ােজন কৰে জিলাখনৰ বিভিন্ন সামাজিক দল সংগঠনৰ সামূহিক মঞ্চ 'ক'-অর্ডিনেশ্যন কমিটি ফৰ ইউনিফিকেশন চমুকৈ চিচিইউয়ে । উক্ত মঞ্চৰ অন্যতম নেতা ছয়ছিং ৰংপিয়ে সংবাদমেল সম্বােধন কৰি কয় যে, ডিফুৰ সমীপৱৰ্তী তাৰালাংছত জিলাখনৰ প্রায় সকলো সামাজিক সংগঠনৰ মাজত এক গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হৈ যায় । বিভিন্ন দল-সংগঠনৰ নেতৃবর্গ উপস্থিত থকা সংবাদমেলখনত ৰংপিয়ে উল্লেখ কৰা অনুসৰি কেন্দ্রীয় গৃহমন্ত্রী গৰাকীৰ উপস্থিতিত একাংশ সশস্ত্র সংগঠনে অস্ত্র সম্বৰণ কৰি কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰিব ।
মঞ্চই লগতে উল্লেখ কৰে যে, পাহাৰীয়া এলেকাটোত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ ২৪৪ (ক) অনুচ্ছেদ ৰূপায়ণ কৰাৰ দাবীত এক দীঘলীয়া আন্দোলনৰ সূচনা হৈ আহিছে । ইয়াৰ মাজতে ১৯৯৫ এম অ' ইউ চুক্তি স্বাক্ষৰিত হােৱাৰ বিপৰীতে ২০১১ চনত এম অ' এছ চুক্তি স্বাক্ষৰিত কৰা হৈছিল । কার্বি আংলঙৰ সকলাে সশস্ত্ৰ সংগঠনেই সম্প্রতি অস্ত্র সম্বৰণ কৰি শান্তি প্রক্রিয়াত ভাগ লােৱাৰ ফলশ্রুতিত কার্বি আংলঙত সশস্ত্র সংগ্ৰামৰ অৱসান ঘটে । সেয়েহে এনে এক পর্যায়ত জিলাখনৰ দীর্ঘদিনীয়া ৰাজনৈতিক সমস্যাসমূহ ২৫ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া সভাতে স্থায়ী সমাধানৰ জৰিয়তে এক ইতিহাস ৰচনা কৰাৰ বাবে আহ্বান জনায় সংগঠনসমূহে ।
আনহাতে, কার্বি আংলং, কাৰ্বি ৰিচ আদৰবাৰৰ কার্যালয়ত আয়ােজন কৰা সংবাদমেলখনত সংগঠনটোৰ নেতৃবর্গই ২৫ ফেব্রুৱাৰীৰ কার্বি আংলং ভ্ৰমণৰ সময়তে ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২৪৪( ক) ৰূপায়ণৰ জৰিয়তে ৰাজ্য গঠনৰ দাবী জনায় । কাঞ্চাছড়িকমৰ হিলছ অটনমাচ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ কাঞ্চাছডিকমৰ উদ্যোগতাে সোমবাৰে বিয়লি ডিফুত এক সংবাদমেল আয়ােজন কৰা হয় ৷
লগতে পঢ়কঃ লখিমপুৰত বাইক ৰেলীৰে লুৰীণৰ শক্তি প্ৰদৰ্শন