ডিফু, ২০ এপ্ৰিলঃ দেওবাৰে নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙত বিদ্যুতস্পৃষ্ট হৈ এজনী বনৰীয়া হাতীৰ মৃত্যু হয় ৷ খাদ্য খাবলৈ অহা অৱস্থাতে ৩৩৩ ভল্টৰ বৈদ্যুতিক তাঁৰত বিদ্যুতস্পৃষ্ট হৈ মৃত্যু মুখত পৰে হাতীজনী ৷
![One Wild Elephant Died in Short Circuit At karbianglong](https://etvbharatimages.akamaized.net/etvbharat/prod-images/6870905_diphu.jpg)
দেওবাৰে নিশা পশ্চিম কাৰ্বি আংলং জিলাৰ টুমপ্ৰেঙত বিদ্যুতস্পৃষ্ট হৈ এজনী বনৰীয়া মাইকী হাতীয়ে শোকাৱহ মৃত্যুক সাৱটি ল'বলগীয়া হয় ৷ ঘটনাৰ অনুসৰি টুমপ্ৰেঙৰ কুমাৰকাটা ৰিজাৰ্ভত প্ৰৱেশ কৰা মাইকী হাতীজনীয়ে নিশা প্ৰায় ১ বজাত খাদ্য খাই থকা অৱস্থাতে উক্ত স্থানত থকা ৩৩৩ ভল্টৰ তাঁৰত স্পৰ্শ কৰে ৷ বিদ্যুতস্পৃষ্ট হোৱাৰ লগে লগে হাতীজনী কাষতে থকা কপিলী নদীত ছিটিকি পৰে ৷ ফলত হাতীজনীৰ কৰুণ মৃত্যু হয় ৷ স্থানীয় লোকে উক্ত খবৰটো হোজাইৰ বন বিভাগত অৱগত কৰে ৷ ঘটনস্থলীত হোজাইৰ বনবিভাগৰ লোক উপস্থিত হৈ কপিলি নদীৰ পৰা মৃত হাতীজনী উদ্ধাৰ কৰি সমাধিস্থ কৰে ৷
লগতে পঢ়ক- তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৪৩ গৰাকী বিদেশী ঘোষিত লোকক মুকলি