ডিফু, ১ এপ্ৰিল: কাৰ্বি আংলং জিলাৰ ডিফুত অঘটন ৷ কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পৰিৱৰ্তে এজন শ্ৰমিক আহত হয় (Labor death of Electric shock) ৷ প্ৰাপ্ত খবৰ অনুসৰি শনিবাৰে ডিফু নগৰ মাজমজিয়াস্থিত লিটল ড্ৰেগন নামৰ হোটেলৰ ছাদত এই শোকাৱহ ঘটনাটো সংঘটিত হয় ৷
ডিফু নগৰ মাজমজিয়াতে অৱস্থিত লিটল ড্ৰেগন নামৰ হোটেলখন । শেহতীয়াকৈ হোটেলখনৰ ছাদত মেৰামতিৰ কাম চলি আছিল ৷ ইয়াতে কাম কৰি থকা অৱস্থাতে শ্ৰমিক মিৰিক মোমিন (35) আৰু অৰুণ মোমিন (45) বিদ্যুৎস্পৃষ্ট হয় ৷
লগতে পঢ়ক: Controversial comment of Satradhikar: ভুল স্বীকাৰ মেৰবিলৰ বাৰেঘৰ চলিহা সত্ৰৰ সত্ৰাধিকাৰৰ
ঘটনা সংঘটিত হোৱাৰ লগে লগে দুয়োকে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাললৈ লৈ যোৱা হয় যদিও মিৰিক মোমিনে চিকিৎসালয়লৈ গৈ পোৱাৰ পূৰ্বেই অকাল মৃত্যুক সাৱটি লয় (One Labor death at Diphu) ৷ আনহাতে অৰুণ মোমিন বৰ্তমান ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷ দুয়োজন শ্ৰমিক ডিফুৰ বাসিন্দা ৷ দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি আছিল শ্ৰমিক দুজনে ৷
ইয়াৰ পিচতে মৃত মিৰিক মোমিনৰ মৃতদেহটো ডিফু চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে ৷ সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ডিএমচিএইছৰ অধ্যক্ষ ডাঃ শুভ্ৰজিৎ ডেকাই জানিবলৈ দিয়া অনুসৰি বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা লোক দুজনৰ অৰুণ মোমিনৰ সোঁহাত আৰু সোঁভৰি জ্বলি যোৱাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় (One Labor injured at Diphu)৷ বৰ্তমান তেওঁক শৈল্য ৱাৰ্ডত ভৰ্তি কৰি যাৱতীয় চিকিৎসা প্ৰদান কৰা হৈছে ৷ শ্ৰমিকজন বৰ্তমান বিপদমুক্ত বুলি সদৰী কৰে অধ্যক্ষগৰাকীয়ে ৷
মিৰিক মোমিনৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ লোকজনৰ মৃত্যুক সহজভাৱে মানি ল’ব পৰা নাই পৰিয়ালৰ লোকে ৷ মৰণোত্তৰ পৰীক্ষাৰ পিচতে ঘৰৰ লোকক শ্ৰমিকজনৰ মৃতদেহটো চমজাই দিয়া হ’ব বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: IIT Madras student suicide: আইআইটি মাদ্ৰাজৰ গৱেষক ছাত্ৰৰ আত্মহত্যা