ডিফু, ৭ ফেব্ৰুৱাৰী: কাৰ্বি আংলং জিলাৰ বোকাজানত সোমবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road Accident in Karbi Anglong) ৷ দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন লোক গুৰুতৰ বাবে আহত হোৱা বুলি জানিব পৰা গৈছে (One killed, 2 injured at Bokajan road accident) ৷
প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে বিয়লি প্ৰায় ১ বজাত গোলাঘাট জিলাৰ ফৰকাটিঙৰ পৰা খটখটীলৈ আটা কঢ়িয়াই অনা AS ০৫ B ৪১৮৪ নম্বৰৰ ৪০৭ বাহনখনে বোকাজান থানাৰ অন্তৰ্গত বাঘজানত ৩৯ নং ৰাষ্ট্ৰীয় ঘাই পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা গছত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা লোকজন গোলাঘাট জিলাৰ বাবলু আলি বুলি চিনাক্ত কৰা হৈছে ৷
আনহাতে দুৰ্ঘটনাটোত অতি গুৰুতৰ ভাবে আহত হোৱা আন দুজন লোকক লগে লগে বোকাজান অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও প্ৰাথমিক চিকিৎসা প্ৰদান কৰিয়েই উন্নত চিকিৎসাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনাটো ইমানেই ভয়ঙ্কৰ আছিল যে দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ মূল ইঞ্জিনৰ অংশ ছিঙি বাহনখনৰ পৰা বিচ্ছিন্ন হৈ পৰে ৷
লগতে পঢ়ক : Road Accident at Barpeta: বৰপেটাৰ বৰবিলাত থিতাতে নিহত দুজন