ডিফু,৯ জুলাই: আঞ্চলিক দল অসম গণ পৰিষদে ৰাজ্যৰ চৈধ্যটা লোকসভা সমষ্টিতে দলীয় সাংগঠনিক সভা অনুষ্ঠিত কৰি ২০২৪ চনৰ লোকসভা নিৰ্বাচনলৈ সাজু হৈছে ৷ তাৰে অংশ স্বৰূপে দেওবাৰে ডিফুত ডিফু লোকসভা সমষ্টিভিত্তিক এখন সভা সম্পন্ন হয় ৷ ডিফুৰ লাংকুঙ হাবে টাউন হলত আয়োজিত এই সভাত দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত, সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে দলটোৰ অনান্য নেতা আৰু মহিলা পৰিষদ, কৃষক পৰিষদ, ছাত্ৰ পৰিষদ আৰু শ্ৰমিক পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বই অংশ গ্ৰহণ কৰে ৷
কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ সহস্ৰাধিক দলীয় কৰ্মীয়ে অংশ গ্ৰহণ কৰা সভাখনত ভাষণ দি সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ডিফুত ইমান বৃহৎ সংখ্যক দলীয় কৰ্মী সমাৱেশ হোৱাটো দলটোৰ বাবে শুভ লক্ষণ বুলি কয় ৷ তেওঁ অকপটে স্বীকাৰ কৰে যে, ইমান দলীয় সতীৰ্থক ডিফুত লগ পাম বুলি ভৱাই নাছিল ৷ ডিমা হাছাও জিলাৰ সভাপতি তথা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য দেৱজিৎ থাউছেনে নিজৰ ভাষণত ৰাজ্যত বিজেপি এজিপিৰ চৰকাৰ আছে যদিও ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত পৰিষদৰ লগত এই বুজাবুজি যিদৰে হ'ব লাগে সেইদৰে নোহোৱা বুলি খেদ প্ৰকাশ কৰে ৷
তেওঁ এই ক্ষেত্ৰত দলীয় নেতৃত্বক পদক্ষেপ লোৱাৰ আহ্বান জনায় ৷ কাৰ্বি আংলং জিলাৰ অগপ সভাপতি ডেনিয়েল তিমুঙে অগপ চৰকাৰ থাকোতেই কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদক ত্ৰিশটা বিভাগত ক্ষমতা দিয়া আৰু অগপ মন্ত্ৰী ছামছিং হাঞ্চেই পাহাৰৰ স্বাস্থ্য আৰু শিক্ষাৰ উন্নতিৰ বাবে বহু কাম কৰাৰ প্ৰসংগ উল্লেখ কৰি পাহাৰত মিত্ৰজোঁট পৰিষদৰ ক্ষেত্ৰতো শক্তিশালী হোৱা উচিৎ বুলি কয় ৷
মন্ত্ৰী কেশৱ মহন্তই অসম গণ পৰিষদে ৰাজ্যৰ সকলো জাতি ধৰ্মৰ লোককলৈ এখন সমৃদ্ধিশালী অসম গঢ়াৰ বাবে অহৰহ কাম কৰি থকা বুলি ভাষণত উল্লেখ কৰে ৷ পাহাৰ- ভৈয়ামৰ সকলো জাতি-জনগোষ্ঠীৰ লোকক লৈ দলটেক শক্তিশালী কৰাই হ'ল অগপৰ লক্ষ্য ৷ তেওঁ কয় যে বিজেপি আৰু অগপৰ মিত্ৰজোঁটৰ চৰকাৰে সাতটা বছৰত যিদৰে উন্নয়নৰ কাম কৰিছে সেয়া অসমৰ ইতিহাসত সদায় সোণোৱালী দিনৰূপে পৰিগণিত হ'ব ৷
সেয়ে ২০২৪ চনৰ লেকসভা নিৰ্বাচনৰ অসমৰ জনতাই পুণৰ এনডিএক ভোট দিব বুলি দাবী কৰি তেওঁ বিজেপি বা প্ৰমোদ বড়োৰ দলৰ পাৰ্টী থাকিব তাত অগপই সমৰ্থন দিব আৰু য'ত অগপৰ প্ৰাৰ্থী থাকিব তাত বিজেপি দলে সমৰ্থন দিব বুলি উল্লেখ কৰে ৷ আনহাতে সভাপতি অতুল বৰাই ৰাজ্যৰ ঐক্যবদ্ধ বিৰোধী দলক নিজৰ ভাষণত কঠোৰ ভাষাৰে সমালোচনা কৰে ৷
তেওঁ কয় যে, বিৰোধী দলৰ একতাৰ নামত কিছুমান দলে কংগ্ৰেছৰ ভৰিত ধৰি আগবাঢ়িব বিচাৰিছে ৷ পিছে অসমৰ ৰাইজে কংগ্ৰেছক আৰু কেতিয়াও শাসনৰ বাঘজৰী নিদিয়ে ৷ যিটো দলে ৮৮৫ জন অসমীয়া ডেকাক হত্যা কৰিলে তেওঁলোকক ৰাইজে কেতিয়াও ক্ষমা নকৰে ৷ ইফালে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অতুল বৰাই কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণে অসমত খিলঞ্জীয়া ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিব ৷
লগতে পঢ়ক: Jal Jeevan Abhiyan: কলগাছিয়াত উদ্বোধন কৰাৰ পূৰ্বে ভাগিল পানী যোগান কেন্দ্ৰৰ দেৱাল