ডিফু, ১৫ এপ্ৰিল : নিচাজাতীয় দ্ৰব্য়ৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থকাৰ মাজতো ড্ৰাগছ সৰবৰাহকাৰীয়ে নিতৌ ন ন কৌশলৰে চলাই গৈছে ড্ৰাগছৰ সৰবৰাহ (Drugs smuggling in Assam) । সেৱনকাৰীয়ে গ্ৰহণ কৰিয়েই আছে মাৰাত্মক বৰবিহ । এইবাৰ লাহৰীজানৰ পৰা জব্দ বুজন পৰিমানৰ হেৰ'ইন(Large amount of heroin seized from Lahorijan) ।
তথ্য অনুসৰি এক গোপন খবৰৰ ভিত্তিত অসম-নাগালেণ্ড সীমান্ত এলেকাৰ কাৰ্বি আংলং জিলাৰ লাহৰীজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱপ্ৰতিম কোঁৱৰৰ নেতৃত্বত চিআৰপিএফৰ এটা দলে চলাইছিল অভিযান । বৃহস্পতিবাৰে নিশা প্ৰায় ৯-৩০ বজাত লাহৰীজান আৰক্ষী চকীৰ সন্মুখৰ নাকা তালাচীত এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ কৰে ড্ৰাগছখিনি ।
মণিপুৰৰ দিশৰ পৰা আহি থকা AR 11A 6657 নম্বৰৰ যাত্ৰীবাহী বাছত তালাচী চলাই এজন ব্যক্তিৰ পৰা ২০ টা চাবোনৰ বাকচত কঢ়িয়াই অনা ২৬৭.২৯ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । লগতে আটক কৰে মমিন বাইটে নামৰ সৰবৰাহকাৰীটোক । আটকাধীন লোকজন মণিপুৰৰ সেনাপতি জিলাৰ বুলি জানিব পৰা গৈছে । উদ্ধাৰ হোৱা হেৰ'ইনখিনি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ উপস্থিতিত জব্দ কৰা হয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।