ডিফু,26 নৱেম্বৰঃ ডিফুত নাবালিকাক ধৰ্ষণ কৰা গোচৰত গ্ৰেপ্তাৰ হৈছে এজন যুৱক ৷ ডিফু থানাৰ অন্তৰ্গত লাংমিলি গাঁৱৰ হুকুম সিং টেৰণ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ বিগত 17 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈ এগৰাকী 11 বছৰীয়া নাবালিকাক ধাৰাবাহিকভাৱে ধৰ্ষণ কৰিছিল হুকুম সিং টেৰণে ৷ ঘটনা সন্দৰ্ভত ধৰ্ষিতাই নিজৰ পৰিয়ালৰ আগত প্ৰকাশ কৰাত সকলো তথ্য পোহৰলৈ আহে ৷ এই বিষয়ে ডিফু থানাত কেএনছিএ নামৰ সংগঠনে এক গোচৰ ৰুজু কৰে ৷ গোচৰৰ ভিত্তিতে অভিযুক্ত হুকুম সিং টেৰণক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

মঙলবাৰে ডিফুৰ পৰা গ্ৰেপ্তাৰ হয় হুকুম সিং টেৰণ নামৰ যুৱকজন ৷ ডিফু থানাত 314/2019 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 376 ধাৰা আৰু POCSO আইনৰ ধাৰা RWৰ 6(2012)ৰ অধীনত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক ৷
লগতে পঢ়কঃ নগাঁও আৰক্ষীৰ সফলতা : বৃহৎ পৰিমাণৰ অস্ত্ৰসহ আটক ডকাইতৰ দল