ETV Bharat / state

মৃতদেহ কঢ়িয়াবলৈ নাই বাহন - মেন বে’

ডায়েৰীয়া ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোঁৱালি লয় কাদম ৰংহাংপীয়ে ৷ মৃতদেহ কঢ়িয়াবলৈ নাপালে বাহন

মৃতদেহ কঢ়িয়াবলৈ নাই বাহন
author img

By

Published : Aug 8, 2019, 2:52 AM IST

ডিফু, 8 আগষ্ট : এক কৰুণ দৃশ্য ৷ এজন ব্যক্তিয়ে কান্ধত উঠাই ঘৰলৈ নিবলগীয়া হ'ল পত্নীৰ মৃতদেহ ৷ কাৰ্বি আংলঙৰ ডিফুত সংঘটিত এই ঘটনা ৷ চিকিৎসালয়ৰ পৰা চাৰি কিল'মিটাৰ দূৰৈত থকা ঘৰলৈ এনেদৰেই পত্নীৰ মৃতদেহ কঢ়িয়াবলগীয়া হ'ল অসহায় দৰিদ্ৰ ব্যক্তিজনে ৷ ডিফু চহৰৰ কিছু দূৰত্বত থকা মেন ৰংহাং গাঁৱৰ মেন বে’ৰ পত্নী কাদম ৰংহাংপীয়ে ডায়েৰীয়া ৰোগত আক্ৰান্ত হোৱাত সোমবাৰে পুৱা ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসালয়তে কাদমৰ মৃত্যু হোৱাত চৰকাৰী এম্বুলেন্স, 108 মৃত্যুঞ্জয় সেৱা বিচাৰে যদিও কোনো এখন চৰকাৰী বা বে-চৰকাৰী বাহন লাভ কৰিবলৈ সক্ষম নহ'ল ৷ অৱশেষত উপায়ন্তৰ হৈ স্বামী মেন বে’য়ে ডিফু চহৰৰ মাজেদিয়েই মৃত পত্নীক কান্ধত লৈ সুদীৰ্ঘ চাৰি কিঃমি পথ খোজ কাঢ়ি ঘৰলৈ লৈ যায় ৷

Intro:nullBody:SLUG = ডিফু অসামৰিক হাস্পাতালত আজৱ কাণ্ড ৷এম্বুলেন্স সেৱাৰ পৰিৱৰ্ত্তে বোকোচাত নিজ পন্তীৰ মৃতদেহ

ANCHOR = সময় তেতিয়া নিশা ৯ বাজিছে ৷ অসহায় দৰিদ্ৰ লোক জনে মৃতদেহ নিবলৈ অৱশেষত বাচি ল’লে বোকোচা ৷ পৰিৱৰ্ত্তনকামী সোনোৱাল চৰকাৰে ৰাজ্যৰ প্ৰতিখন জিলাৰ স্বাস্থ্য সেৱা কেন্দ্ৰ সমূহত স্বাস্থ্য সেৱাৰ আমূল পৰিৱৰ্তন অনাৰ মাজতে সোমবাৰে নিশাৰ ভাগত কাৰ্বি আংলং জিলা সদৰস্থিত ডিফু অসামৰিক হাস্পাতালত সংঘটিত হ’ল এক আজৱ কাণ্ড ৷ এক নাশ্ৰুত-নাভূত কাণ্ডই নিশাৰ ভাগত জোকাৰি গ’ল ডিফু চহৰত ৷ ডিফু চহৰৰ নাতি-দুৰৈত থকা মেন ৰংহাং গাঁওৰ মেন বে’ৰ পন্তী কাদম ৰংহাংপীয়ে ডাইৰীয়া ৰোগত আক্ৰান্ত হৈ সোমবাৰে পুৱাৰ ভাগত ডিফু অসামৰিক হাস্পাতালত ভৰ্তি কৰে ৷ দিনটোৰ চিকিৎসাৰ অন্ততত নিশা প্ৰায় সাত মান বজাত কাদমৰ মৃ্ত্যু হ’য় ৷ ইপিনে, মৃত্যুৰ পাচতেই পৰিয়ালৰ লোকে মৃতদেহটো ঘৰ লৈ নিজাৰ বাবে চৰকাৰী এম্বুলেন্স, ১০৮ মৃত্যুঞ্জয় সেৱা বিচাৰে যদিও কোনো এখন চৰকাৰী বা বে-চৰকাৰী বাহন নোপোৱাত দৰিদ্ৰ পৰিয়ালে অৱশেষত উপায়ন্তৰ হৈ নিজ স্বামী মেন বে’এ ডিফু চহৰৰ মাজেদিয়েই মৃত পন্তী কাদমক বোকোচাত লৈ সু-দীৰ্ঘ চাৰি কিঃমি পথ খোজ কাঢ়ি ঘৰ লৈ নিয়া ঘটনাই জিলাবাসীৰ চকু কপালত উঠিছে ৷ এই খিনিতেই এটা কথা উল্লেখ্য কৰিব পাৰি যে এনে এক বিপদ সংকুল অৱস্থাত স্বাস্থ্য সেৱাৰ নামত ৰাজ্যত দম্ভালি মাৰি থকা স্বাস্থ্য সেৱাৰ ফোঁপোলা স্বৰূপটোকেই উদঙাই দিয়া নাই নে বাৰু ?

Rekibur Rahman
ETV Bharat
West Karbi Anglong Conclusion:null
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.