ETV Bharat / state

হৃদয়হীন মাতৃয়ে হাবিত এৰি গ’ল নৱজাতকক ! - নৱজাতক

জীৱশ্ৰেষ্ঠ মানৱৰ শিৰ নত কৰা কাৰ্য ৷ বোকাজানৰ ইকৰাণিৰ হাবিৰ মাজৰ পৰা উদ্ধাৰ হৈছে এটি নৱজাতক ৷ হৃদয়স্পৰ্শী ঘটনাটোৱে জোকাৰি গৈছে সমগ্ৰ কাৰ্বি আংলঙবাসীক ৷

New born baby recovered from forest in diphu karbi anglong assam etv bharat news
নৱজাতক উদ্ধাৰ
author img

By

Published : Sep 22, 2020, 3:11 PM IST

Updated : Sep 22, 2020, 6:46 PM IST

ডিফু,22 ছেপ্তেম্বৰ: সভ্যতাৰ চূড়ান্ত পৰ্যায়ত উপস্থিত হোৱা মানৱ জাতিৰ একাংশই সমাজ কলংকিত কৰা ঘটনা সংঘটিত কৰি মুখ ঢাকিবলৈ আশ্ৰয় লয় অপকৰ্মৰ ৷ তেনে এক ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ বোকাজানত ৷ বোকাজানৰ ইকৰাণিৰ হাবিৰ মাজৰ পৰা মঙলবাৰে উদ্ধাৰ হৈছে এটি নৱজাতক ৷ দহ মাহ দহ দিন গৰ্ভত ধাৰণ কৰি প্ৰসৱ কৰা সদ্য নৱজাতকটিক কোনো পাষাণ হৃদয়ৰ মাতৃয়ে পেলাই থৈ যায় হাবিত ৷

প্ৰাপ্ত তথ্য অনুসৰি, মঙলবাৰে পুৱা বোকাজানৰ সমীপৱৰ্তী ইকৰাণিত উদ্ধাৰ হৈছে নৱজাতকটি । গৰু বান্ধিবলৈ অহা এগৰাকী মহিলাই ইকৰাণি প্ৰাথমিক বিদ্যালয়ৰ কাষৰ হাবিৰ মাজত কান্দোন শুনি উদ্ধাৰ কৰে শিশুটিক । হাবিৰ মাজত পৰি থকা শিশুটিৰ সৰ্বশৰীৰ আৱৰি আছিল গুৰিপৰুৱাই । কোনো পাষাণ হৃদয়ৰ মাতৃয়ে এনেদৰে পেলাই থৈ যায় নিষ্পাপ শিশুটিক । স্থানীয় কেইবাগৰাকীও মহিলাই শিশুটিক উদ্ধাৰ কৰি চাফ-চিকুণ কৰি দুগ্ধপান কৰোৱায় । ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ শিশুটি উদ্ধাৰ কৰি বোকাজান সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ নি স্বাস্থ্য পৰীক্ষা কৰায় ৷ সম্প্ৰতি আৰক্ষীয়ে উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে চাওকঃ টীয়কত চাঞ্চল্যকৰ হত্যাকাণ্ড : শংকিত ৰাইজ

Last Updated : Sep 22, 2020, 6:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.