ডিফু, ২৫ জানুৱাৰী : সোমবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ ৰাজ্যৰ বিভন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলং জিলাতো অতি উলহ-মালহেৰে উদযাপন কৰা ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে জিলাখনৰ ডিফু চৰকাৰী মহাবিদ্যালয় আৰু হাওৰাঘাট মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয় ।
ডিফু চৰকাৰী মহাবিদ্যালয়ত সোমবাৰে দিনৰ প্ৰায় 11 বজাৰ পৰা আৰম্ভ হোৱা এই সভাত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিংহই সভাপতিত্বত কৰে ৷ লগতে জিলা উপায়ুক্ত গৰাকীয়ে ভাষণ প্ৰসংগত একোটা ভোটৰ গুৰুত্ব সম্পৰ্কেও মন্তব্য আগবঢ়ায় । আনকি নতুনকৈ ভোটাধিকাৰ লাভ কৰা নৱ প্ৰজন্মৰ ভোটাৰ সকলৰ সৈতেও মত বিনিময় কৰে উপায়ুক্ত গৰাকীয়ে ৷
আনহাতে এই সভাখনত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ নীৰৱ কুমাৰ শৰ্মাই ভাষণ প্ৰদান কৰি সকলো নাগৰিককে নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ আহ্বান জনায় ।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে পুৱাৰ ভাগত ডিফু নগৰত এক সমূহীয়া দৌৰো আয়োজন কৰা হয় ৷
লগতে পঢ়ক : উলেমা কাউন্সিল-বিজেপিৰ সম্পৰ্কক লৈ কি ক’লে মমিনুল আৱালে ?