ETV Bharat / state

Union Budget 2023 : কেন্দ্ৰীয় বাজেটক অমৃত কালৰ সৰ্বোত্তম বাজেট আখ্যা হৰেনছিং বে'ৰ

author img

By

Published : Feb 23, 2023, 5:07 PM IST

কেন্দ্ৰীয় বাজেট ২০২৩-২৪ ক উচ্চ প্ৰশংসা কৰে সাংসদ হৰেনছিং বে'ই (MP Horen Sing Bey reacts over Union Budget)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ প্ৰচেষ্টাকো প্ৰশংসা কৰে সাংসদগৰাকীয়ে । ২০২৪ চনত দিল্লীত পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি তেওঁ নিশ্চিত ।

Union Budget 2023
অমৃত কালৰ সৰ্বোত্তম বাজেট আখ্যা হৰেনছিং বে'ৰ

ডিফু, ২৩ ফেব্ৰুৱাৰী : ২০২৩-২৪ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক অমৃত কালৰ সৰ্বোত্তম আখ্যা দিলে অসমৰ তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেনছিং বে'ই (MP Horen Sing Bey on Union Budget) ৷ বুধবাৰে ডিফুত সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় চৰকাৰ বাজেট ২০২৩-২৪ক উচ্চ প্ৰশংসা কৰে (Union Budget 2023-24)। বিজেপি দলৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ অমৃত কালৰ প্ৰথমখন বাজেটক সৰ্বশ্ৰেষ্ঠ বুলি অভিহিত কৰিলে সাংসদগৰাকীয়ে ।

তেওঁ বাজেটখনক প্ৰশংসা কৰি কয় যে, এইখন বাজেটৰ লক্ষ্য হ'ল যাতে স্বাধীনতাৰ শতবৰ্ষত ভৰি দিয়াৰ সময়ত ভাৰত বিশ্বৰ ভিতৰতে এক নম্বৰ স্থানত থাকিব পাৰে ৷ এইবাৰৰ বাজেটত জনজাতিসকলৰ বাবে বিশেষ সুবিধা ৰখা হৈছে ৷ অতি পিচপৰা জনজাতি লোকসকলৰ উন্নয়নৰ বাবে ১৫ হাজাৰ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে ৷ ইফালে অৰ্থনৈতিকভাৱে ভাৰত এতিয়া বিশ্বৰ পঞ্চম শক্তিশালী ৰাষ্ট্ৰ বুলিও তেওঁ উল্লেখ কৰে ৷ ক'ভিড মহামাৰীৰ পাচতো ভাৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ নেতৃত্বত আৰ্থিকভাৱে বিকাশৰ পথত গতি কৰিছে (MP Horen Sing Bey praises BJP Govt)৷

কৃষি ক্ষেত্ৰতো দেশ আজি স্বাৱলম্বী হৈছে বুলি তেওঁ উল্লেখ কৰে ৷ বাজৰা বা মিলেট উৎপাদনত দেশ আজি বিশ্বৰ দ্বিতীয় স্থানত আছে বুলিও তেওঁ উল্লেখ কৰে (Milet cultivation in India) ৷ এই ক্ষেত্ৰত এইবাৰ প্ৰথম হোৱাৰ লক্ষ্য আগত ৰাখিছে ভাৰতে ৷ একেদৰে কৰৰ ক্ষেত্ৰতো চৰকাৰে বিশেষ ৰেহাইৰ ব্যৱস্থা কৰিছে বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে ৷ সাংসদগৰাকীয়ে উল্লেখ কৰা মতে, বৰ্তমানৰ ২.৫০ লাখ টকালৈকে কৰ ৰেহাইৰ বিপৰীতে সেই সীমা ৩ লাখ কৰা হৈছে । একদৰে ৬ লাখ টকালৈকে বাৰ্ষিক আয় কৰা লোকে ৫ শতাংশ, ৯ লাখ টকালৈকে বাৰ্ষিক আয় কৰা লোকে ১০ শতাংশ কৰ দিব লাগিব ৷

এয়া মধ্যবিত্তৰ বাবে বিশেষ সকাহ বুলিও তেওঁ কয় ৷ চৰকাৰী আঁচনিৰ প্ৰশংসা কৰি সাংসদগৰাকীয়ে কয় যে, ক'ভিড কালত দেশৰ ৮০ কোটি লোকক বিজেপি চৰকাৰে বিনামূলীয়া চাউল প্ৰদান কৰিছে ৷ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান, শ্ৰীলংকাৰ অৰ্থনৈতিক অৱস্থাক লৈও তেওঁ উদ্বেগ প্ৰকাশ কৰে । কিন্তু তাৰ বিপৰীতে ভাৰত আজি বিশ্বৰ পঞ্চম শক্তিশালী ৰাষ্ট্ৰ বুলি তেওঁ কয় ৷

বিৰোধীক তীব্ৰ সমালোচনা কৰি তেওঁ কয় যে বাজেট দাখিলৰ পাচত বিৰোধীয়ে অবাবত হুলস্থূল কৰিছিল । কিন্তু জনতাই ইয়াক আদৰি লোৱাৰ পাচত বিৰোধীৰ মুখ বন্ধ হৈ পৰা বুলি সাংসদগৰাকীয়ে বিৰোধীক কটাক্ষ কৰে (MP Horen Sing Bey slams opposition party) ৷ আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদগৰাকীয়ে কয় যে ২০২৪ চনতো নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দিল্লীত বিজেপি দলৰ চৰকাৰ গঠন হ'ব ।

তেওঁ লগতে কয় যে, অসমৰ ১৪ খন আসনৰ ভিতৰত ১২ খন আসনে অসমৰ মুখ্যমন্ত্ৰীয়ে পাব বুলি কৈছে যেতিয়া পোৱাটো নিশ্চিত ৷ ইফালে তেওঁৰ প্ৰাৰ্থিত্ব সন্দৰ্ভত দলে সিদ্ধান্ত ল'ব বুলি মন্তব্য কৰে ।

লগতে পঢ়ক :Assam budget 2023-24: গুৱাহাটীত বাজেট সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ আলোচনাচক্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.