ডিফু,28 অক্টোবৰঃ ভাৰত চৰকাৰৰ কল্যাণমূলক আঁচনি আয়ুষ্মান ভাৰতৰ সফল ৰূপায়ণৰ বাবে সোমবাৰে ডিফুত সাংসদ হৰেণছিং বে' আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ আৰু চিকিৎসক তথা হিতাধিকাৰী সকলৰ মাজত এক মত-বিনিময় অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ চৰকাৰী বাসভৱনত অনুষ্ঠিত হয় এই মত বিনিময় অনুষ্ঠান ৷ উক্ত মত-বিনিময় অনুষ্ঠানত ক্ৰমে, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, চিকিৎসা বিভাগৰ ইএম খনছিং ৰংপি, এমএচি, চিকিৎসক সকল আৰু হিতাধিকাৰীসকল উপস্থিত থাকে ৷ মত-বিনিময় অনুষ্ঠানত আয়ুষ্মান ভাৰত আঁচনিয়ে দেশত কি দৰে জ্যেষ্ঠ, নবীন প্ৰৱীণ আৰু শিশু সকলৰ উপকাৰ সাধিছে তাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয় ৷
কাৰ্বি আংলঙৰ বিভিন্ন চিকিৎসালয় সমূহত চিকিৎসাকালীন সময়ত কেনেকৈ এই আঁচনিৰ জৰিয়তে সহায় কৰা হৈছিল তাৰ ওপৰত চিকিৎসকসকলে নিজৰ অভিজ্ঞতা সম্পৰ্কত আলোচনা কৰে ৷ দীৰ্ঘ আলোচনাৰ অন্তত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এই সন্দৰ্ভত অহা ৩১ অক্টোবৰত দিনৰ ১১ বজাত পৰিষদৰ সন্মিলন কক্ষত চিকিৎসক সকলৰ সৈতে এক সভা অনুষ্ঠিত কৰা হ'ব বুলি উল্লেখ কৰে ৷