ETV Bharat / state

অসম গ্ৰামীণ বিকাশ বেংকত বৃহৎ জালিয়াতি : খোদ শাখা প্ৰৱন্ধকে লুটিলে বেংকৰ ধন !

কাৰ্বি আংলং জিলাৰ বোকাজানৰ অসম গ্ৰামীণ বিকাশ বেংক (Assam Gramin Vikash Bank)ৰ লাহৰিজান শাখাত ব্যাপক বেংক জালিয়াতি হোৱাৰ অভিযোগ ৷ শাখাটোৰ প্ৰৱন্ধকে কৌশলগতভাৱে ভুৱা একাউণ্ট (Fake Account) খুলি বেংকৰ ধন স্থানান্তৰ কৰিছিল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত ৷

author img

By

Published : Jul 26, 2021, 10:34 PM IST

money looted in Assam Gramin Vikash Bank
বোকাজানৰ অসম গ্ৰামীণ বিকাশ বেংকত জালিয়াতি

ডিফু, 26 জুলাই : অসম গ্ৰামীণ বিকাশ বেংক (Assam Gramin Vikash Bank)ৰ কাৰ্বি আংলং জিলাৰ বোকাজানৰ লাহৰিজান শাখাত ব্যাপক জালিয়াতি সংঘটিত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাচতে জিলাখনত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । অসম গ্ৰামীণ বিকাশ বেংকৰ খোদ শাখা প্ৰৱন্ধকে এই ভয়ংকৰ বেংক জালিয়াতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে । 6 কোটিতকৈও অধিক টকা আত্মসাৎ কৰি এতিয়া পলাতক দিব্যজ্যোতি কলিতা নামৰ প্ৰৱন্ধকজন । জানিব পৰা মতে, দীৰ্ঘদিন ধৰি প্ৰৱন্ধক দিব্যজ্যোতি কলিতাই বেংকৰ সৈতে সংঘটিত কৰি আহিছিল এই জালিয়াতি ৷

দীৰ্ঘদিনৰ পৰাই এই কাণ্ড সংঘটিত কৰি আহিছিল যদিও বেংকৰ ঊৰ্ধতম কৰ্তৃপক্ষই ঘূণাক্ষৰেও জ্ঞাত নাছিল ৷ দিব্যজ্যোতি কলিতাই কৌশলগতভাৱে ভুৱা একাউণ্ট (Fake Account) খুলি বেংকৰ ধন স্থানান্তৰ কৰিছিল তেওঁৰ ভুৱা একাউণ্টলৈ ৷ ইয়াৰ পাচতেই নিজেই নগদ ধন উঠাই লৈছিল দিব্যজ্যোতি কলিতাই ।

বিগত কিছুদিন পূৰ্বে দিব্যজ্যোতি কলিতাই বেংকৰ পৰা একেলগে মোটা অংকৰ ধন উঠাইছিল ৷ তাৰ পাচতহে উৰ্ধতম কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হৈছিল এই ভয়ংকৰ জালিয়াতিৰ বিষয়ে ৷ লগে লগে আৰক্ষীৰ কাষ চাপে বেংক কৰ্তৃপক্ষই ৷

ঘটনা সন্দৰ্ভত বেংক কৰ্তৃপক্ষই বোকাজানৰ খটখটি থানাত দাখিল কৰিছে এখন এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে IPC 420/409 ধাৰাৰ অধীনত 89/2021 নম্বৰত গুৱাহাটীৰ নুনমাটিৰ নিৱাসী প্ৰৱন্ধকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে । আনহাতে অসম গ্ৰামীণ বিকাশ বেংকৰ কাৰ্বি আংলং জিলাৰ আঞ্চলিক প্ৰৱন্ধক ভাষ্কৰজ্যোতি সেনাপতিয়ে সাংবাদিকৰ আগত কয় যে, অসম গ্ৰামীণ বিকাশ বেংকৰ লাহৰিজান শাখাৰ প্ৰৱন্ধকজনে বেংকটোৰ এক আভ্যন্তৰীণ একাউণ্টৰ পৰা ধনখিনি আন এটা একাউণ্টলৈ স্থানান্তৰ কৰি সৰকাই নিছিল ৷

ইয়াৰ দ্বাৰা গ্ৰাহকৰ একাউণ্টত প্ৰভাৱ নপৰে বুলি জানিবলৈ দিয়ে শীৰ্ষ বিষয়াগৰাকীয়ে৷ উক্ত ঘটনাৰ পাচতে এনে জালিয়াতি যাতে পুনৰ সংঘটিত নহয়, তাৰ বাবে শাখাসমূহৰ আভ্যন্তৰীণ একাউণ্টসমূহ ফিক্সড ডিপ’জিট (Fixed Deposit) কৰি দিয়া হৈছে ৷

লগতে পঢ়ক : পুনৰ অশান্ত হৈ পৰিছে অসম-মিজোৰাম সীমান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.