ETV Bharat / state

ঠিকাদাৰক ধনী কৰাৰ বাবে চৰকাৰৰ ধন মই খৰচ কৰা নাছিলো: সিদ্ধাৰ্থ ভট্টাচাৰ্য

author img

By

Published : Jun 15, 2022, 9:48 PM IST

বুধবাৰে ডিফুত সামৰণি পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত (Assam BJP holds two-days executive meeting) উপস্থিত থাকি পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে (Siddhartha Bhattacharya reaction on Guwahati artificial flood) ৷

MLA Siddhartha Bhattacharya recation on Guwahati artifical flood
ঠিকাদাৰক ধনী কৰাৰ বাবে চৰকাৰৰ ধন মই খৰছ কৰা নাছিলো: সিদ্বাৰ্থ ভট্টাচাৰ্য

ডিফু, ১৫ জুন: দুদিনীয়া কাৰ্যসূচীৰে ডিফুত সামৰণি পৰা ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহকত (Assam BJP holds two-day executive meeting ) উপস্থিত থাকি পূৱ গুৱাহাটীৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই গুৱাহাটীৰ কৃত্ৰিম বান সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে (Siddhartha Bhattacharya reaction on Guwahati artificial flood) ৷ বিধায়কগৰাকীয়ে সংবাদমাধ্যমৰ আগত কয় যে পাহাৰৰ মাটি-পানী যাব পৰাকৈ এটা নলা নিৰ্মাণ কৰা হৈছিল যদিও সেইটো এইপৰ্যন্ত পৰিষ্কাৰ কৰা হোৱা নাই ৷

লগতে তেওঁ কয়, "পানী নিষ্কাষণৰ বাবে চুপাৰ চাকাৰ মই প্ৰত্যাখান কৰিছিলো ৷ কাৰণ চুপাৰ চাকাৰে পাতল ময়লা নিব পাৰে ৷ কিন্তু আমাৰ নলা-নৰ্দমাত পাহাৰৰ মাটি থাকে ৷ স্মাৰ্ট চিটিৰ ধন মই খৰচ কৰা নাছিলো ৷" তাৰ কাৰণ ব্যাখ্যা কৰি "ঠিকাদাৰক ধনী কৰাৰ বাবে চৰকাৰৰ ধন মই খৰচ কৰা নাছিলো " বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

ইয়াৰ লগতে সময়োপযোগী হোৱাকৈ নলা-নৰ্দমা পৰিষ্কাৰ কৰিবলৈ অক্টোবৰতে নিবিদা আহ্বান কৰিব লাগে যদিও তেওঁ মন্ত্ৰী নোহোৱাৰ বাবে এইবোৰ কথা কোৱা নাই বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷ নলা-নৰ্দমা সময়ত পৰিষ্কাৰ নকৰাৰ বাবেই আজি গুৱাহাটীত এই অভাৱনীয় পৰিস্থিতি ভোগ কৰিব লগীয়া হৈছে বুলিও উল্লেখ কৰে বিধায়ক ভট্টাচাৰ্যই ৷

লগতে পঢ়ক: ৰুষ্ট প্ৰকৃতি: প্ৰাকৃতিক দুৰ্যোগত বিধ্বস্ত ৰাজ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.