ডিফু,১২ অক্টোবৰ: ২০২৪ ৰ নিৰ্বাচনত ঐক্যবদ্ধ বিৰোধীয়ে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে বিশেষ ৰণ কৌশলৰ প্ৰস্তুতি চলাই থকাৰ সময়তে অসমত কংগ্ৰেছ দলে সাম্ভাব্য প্ৰাৰ্থীৰ দাবীদাৰৰ তালিকা ঘোষণা কৰা কাৰ্বি সন্মিলিত বিৰোধী ঐক্যত কেৰোণ লগোৱা দেখিবলৈ পোৱা গৈছে । বৃহস্পতিবাৰে ডিফুত অল পাৰ্টি হিলছ লীডাৰছ কনফাৰেন্স চমুকৈ এপিএইচএলচিৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে সমালোচনাত সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ।
কংগ্ৰেছ দলৰ এনে সিদ্ধান্তই বিৰোধী ঐক্যত ভুল বুজাবুজিৰ সৃষ্টি কৰিব বুলি মন্তব্য কৰি কংগ্ৰেছ দলে ইয়াৰ পূৰ্বেও এনেদৰে বিশ্বাসঘাতকতা কৰা বুলি ক্ষোভ প্ৰকাশ কৰে । উল্লেখযোগ্য যে, অসমৰ বাৰটা ৰাজনৈতিক দলৰ ঐক্যমঞ্চত এপিএইচএলচি দলকো অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে দলটোৰ সৈতে আলোচনাৰ বাবে বুধবাৰে ডিফুত উপস্থিত হোৱা অখিল গগৈয়ে নিশাৰ ভাগতে ডিফুত এক সংবাদমেলৰ আয়োজন কৰি অসমত সকলো বিৰোধী শক্তি ঐক্যবদ্ধ হ'লে বিজেপিক পৰাভূত কৰাটো সম্ভৱপৰ বুলি দৃঢ়মত প্ৰকাশ কৰে ।
অসমৰ সকলো বিৰোধী ৰাজনৈতিক দল একত্ৰিত হ'লে অসমত বিজেপি দলৰ আসনৰ সংখ্যা তিনিখনতে সীমাবদ্ধ ৰাখিব পৰা যাব বুলি সভাপতিগৰাকীয়ে লগতে উল্লেখ কৰে । আনহাতে, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাত সৰৱ হৈ পৰা গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰিয়ালে সকলোতে মাটি দখলৰ অভিযানত নামি পৰা বুলি মন্তব্য কৰি কেইগৰাকীমান ঠিকাদাৰ আৰু চেলা-চামুণ্ডাৰ সহায়ত শাসন চলোৱা বুলি কটাক্ষ কৰে ।
মুখ্যমন্ত্ৰীৰ প্ৰতি আজি অসমৰ ৰাইজৰ আস্থা নোহোৱা বুলিও লগতে দাবী কৰে গগৈয়ে । আনহাতে, সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত ৰাইজৰ দলৰ সভাপতিয়ে কাৰ্বি আংলঙৰ সকলো ঠিকা-ঠুকলি মুখ্য কাৰ্যবাহী সদস্যগৰাকীৰ পৰিয়ালেই হস্তগত কৰা বুলি মন্তব্য কৰে । লগতে, বিজেপিৰ শাসনত কাৰ্বি আংলঙৰ কোনো উন্নয়ন হোৱা নাই বুলিও দাবী কৰে গগৈয়ে । উল্লেখযোগ্য যে, আজি ডিফুত অনুষ্ঠিত হোৱা এপিএইচএলচিৰ ৰাজহুৱা সভাত বিজেপিকে ধৰি বিভিন্ন দলৰ ৮০ টা পৰিয়ালে এপিএইচএলচি দলত যোগদান কৰে ।
লগতে পঢ়ক: Batadrava police station arson: বটদ্ৰৱা থানাকাণ্ড সন্দৰ্ভত এছ পি লীনা দলেক জবাবদিহি তদন্ত কমিটীৰ