ETV Bharat / state

কাৰ্বি আংলঙত বৃদ্ধৰ কামনাৰ বলি কিশোৰী

author img

By

Published : Apr 27, 2021, 7:54 AM IST

কাৰ্বি আংলং জিলাৰ পাৰখোৱাত এগৰাকী বৃদ্ধৰ কামনাৰ বলি হয় বাৰ বছৰীয়া এগৰাকী কিশোৰী ৷ অভিযুক্ত লোকজন হাওৰাঘাট অককেৰেং এৰাদীঘলপানী গাঁৱৰ মতিলাল ক্ৰ' ৷ ভুক্তভোগীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ডকমকা থানাত পক্স’ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক আটক কৰে ৷

কাৰ্বি আংলং জিলাত বৃদ্ধৰ কামনাৰ বলি এগৰাকী বাৰ বছৰীয়া কিশোৰী

ডিফু,27 এপ্ৰিল: কাৰ্বি আংলঙত কিশোৰী ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত ৷ জিলাখনৰ পাৰখোৱাত এগৰাকী বৃদ্ধৰ কামনাৰ বলি হৈছে বাৰ বছৰীয়া এগৰাকী কিশোৰী ৷ জানিব পৰা মতে, অভিযুক্ত লোকজন হাওৰাঘাট অককেৰেং এৰাদীঘলপানী গাঁৱৰ মতিলাল ক্ৰ'(৫৪) ৷ লোকজনে পাৰখোৱা বজাৰত ক্ষুদ্ৰ হোটেলৰ ব্যৱসায় কৰিছিল ৷ বিগত কিছুদিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ লগতে লাগি থকা এটা সৰু কোঠালীত মতিলাল ক্ৰ'ই নিয়মীয়াকৈ বসবাস কৰি আহিছিল ৷

উত্থাপিত অভিযোগ অনুসৰি, উক্ত হোটেলৰ কোঠাত এগৰাকী বাৰ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলাই ব্যক্তিজনে ৷ শনিবাৰে নিশা প্ৰায় আঠ বজাত কিশোৰীগৰাকীৰ মাতৃ ঘৰুৱা কামত ব্যস্ত থকাত কণমানি ভাতৃক বাহিৰলৈ ফুৰাবলৈ অনাত মতিলাল নামৰ ব্যক্তিজনে কৌশলেৰে কোঠাটোলৈ মাতি আনি ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰে । কিশোৰীগৰাকীক নেদেখি পৰিয়ালৰ লোকে বিচাৰ-খোচাৰ কৰে ৷ কিন্তু কিশোৰীগৰাকীৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহয় । অৱশেষত প্ৰায় দুঘণ্টাৰ পিছত কিশোৰীগৰাকীক মতিলালে ঘটনা সন্দৰ্ভত কাকো অৱগত নকৰিবলৈ ভাবুকি প্ৰদান কৰি পঞ্চাশ টকা দি কোঠাৰ পিছফালৰ দুৱাৰেৰে ঘৰলৈ পঠিয়াই দিয়ে ।

নিশা পৰিয়ালৰ লোকে এই বিষয়ত কিশোৰীগৰাকীক প্ৰশ্ন কৰে যদিও মুখ নোখোলে ৷ দেওবাৰে পুৱাহে মাতৃক ঘটনা সন্দৰ্ভত সকলো কথা বিৱৰি কয় ভুক্তভোগী কিশোৰীগৰাকীয়ে ৷ সকলো কথা জানিব পাৰি মাতৃয়ে চুবুৰীৰ অন্য মহিলাক এই বিষয়ে অৱগত কৰে ৷ পৰৱৰ্তী সময়ত মহিলাসকলে মতিলালক এই বিষয়ে প্ৰশ্ন কৰাত প্ৰথমে অস্বীকাৰ কৰে যদিও পাছত অভিযোগৰ সত্যতা স্বীকাৰ কৰিবলৈ বাধ্য হয় ।

উল্লেখ্য যে, দেওবাৰে সন্ধিয়া ভুক্তভোগীৰ মাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ডকমকা থানাত পক্স’ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি অভিযুক্তক আটক কৰে ৷ তদুপৰি আৰক্ষীয়ে সোমবাৰে আদালতত অভিযুক্তক হাজিৰ কৰোৱাৰ পিছত আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰে ব্যক্তিজনক ৷ পাৰখোৱাবাসীয়ে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ বাবে আৰক্ষীক দাবী জনাইছে ।

লগতে পঢ়ক : ডবকাত বিহুৱা দলক আক্ৰমণ টোলগেট কৰ্মচাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.