ETV Bharat / state

Price Hike in Assam : মূল্যবৃদ্ধিৰ বাবে সামগ্ৰিকভাৱে চৰকাৰখনক দোষাৰোপ কৰক; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ডিফুত উপস্থিত ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী গৰাকীৰ ৷ শাক-পাচলি, মাছ, মাংস, কণীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যোগান বিভাগৰ কোনো সম্পৰ্ক নাই বুলি মন্তব্য ৷

Price Hike in Assam
ডিফুত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
author img

By

Published : Aug 12, 2023, 9:22 PM IST

মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

ডিফু, 12 আগষ্ট : ডিফুত ৰাজ্যৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস ৷ চৰকাৰী আৰু দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ ডিফুত উপস্থিত মন্ত্ৰী গৰাকী ৷ ৰাজ্যজুৰি অভাৱনীয় হাৰত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিক কেন্দ্ৰ কৰি নিত্য নতুন মন্তব্য প্ৰদান কৰি অহা মন্ত্ৰী গৰাকীয়ে শনিবাৰে ডিফুতো মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ৷ বহু সামগ্ৰীৰ ক্ষেত্ৰত তেওঁৰ বিভাগৰ কোনো হাত নাই বুলি দায়সৰা মন্তব্য প্ৰদান মন্ত্ৰী গৰাকীৰ ৷

উল্লেখ্য যে বিজেপিৰ এখন দলীয় প্ৰশিক্ষণ শিৱিৰৰ লগতে গ্ৰামোন্নয়ন বিভাগৰ এটা চৰকাৰী কাৰ্যসূচীত অংশ গ্ৰহণৰ বাবে বৃহস্পতিবাৰে নিশাই ডিফুত উপস্থিত হয় মন্ত্ৰী দাস ৷ শনিবাৰে বিয়লি ডিফুত কৃষি বিভাগৰ গ্ৰথ চেন্টাৰত অনুষ্ঠিত দলীয় কাৰ্যসূচীত সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্ন উত্তৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী দাসে ৷ তেওঁ কয় যে, শাক-পাচলি, মাছ, মাংস, কণীৰ মূল্যবৃদ্ধিৰ ক্ষেত্ৰত যোগান বিভাগৰ কোনো সম্পৰ্ক নাই ৷ মূল্যবৃদ্ধিৰ বাবে সামগ্ৰিকভাৱে চৰকাৰখনক দোষাৰোপ কৰিব লাগে বুলি মন্তব্য কৰে মন্ত্ৰী দাসে ৷ 14 টা অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবেহে তেওঁৰ বিভাগৰ দায়বদ্ধ বুলি মন্তব্য কৰে ৷

মন্ত্ৰীগৰাকীয়ে কয় যে, ৰাজ্যৰ 84 শতাংশ লোকেই ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়া চাউল লাভ কৰে ৷ বাকী 16 শতাংশ লোকৰ ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হৈছে বুলি কয় তেওঁ ৷ এই জটিলতা দূৰ কৰাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰি মন্ত্ৰীজনে কয় যে এই ব্যৱস্থাৰ অংশ ৰূপে বাছমতি চাউলৰ বাহিৰে আন চাউলৰ ৰপ্তানি কৰা বন্ধ কৰা হৈছে ৷ ধানৰ নূন্যতম সমৰ্থন মূল্য পূৰ্বৰ 12-13 শ টকাৰ পৰিৱৰ্তে প্ৰতি কুইন্টলত 2,183 টকাকৈ বৃদ্ধি হৈছে ৷ একেদৰে মৎস্য উৎপাদনত অসম স্বাৱলম্বী হৈ উঠিছে বুলিও মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ৷ যোগান আৰু চাহিদাৰ সৈতে মূল্যবৃদ্ধিৰ সম্পৰ্ক আছে বুলি উল্লেখ কৰি মন্ত্ৰী দাসে মূল্যবৃদ্ধিয়ে তেওঁক কষ্ট দিয়ে বুলিও মন্তব্য কৰে ৷

ইফালে দলীয় কৰ্মশালাত উপস্থিত থাকি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদমাধ্যমৰ আগত সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বিজেপি দলৰ সন্তুষ্টি প্ৰকাশ কৰে ৷ কলিতাই কয় যে দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে অসমৰ জাতি-জনগোষ্ঠীসমূহক সুৰক্ষিত কৰিলে ৷ বিৰোধীয়ে কেৱল বিৰোধিতা কৰিব লাগে বুলিয়েই এই প্ৰক্ৰিয়াৰ বিৰোধিতা কৰা বুলিও কলিতাই মন্তব্য কৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বিজেপি দলৰ সাংগঠনিক পৰিকাঠামো সলনি হ'ব বুলি মন্তব্য কৰি কলিতাই এই সন্দৰ্ভত বৈঠক অনুষ্ঠিত হোৱা বুলিও সদৰী কৰে ৷

আনহাতে বিজেপি নেত্ৰীৰ ৰহস্যজনক আত্মহত্যা সন্দৰ্ভত কলিতাই কয় যে তেওঁ এগৰাকী দলৰ নিষ্ঠাৱান কৰ্মী আছিল ৷ তেওঁৰ মৃত্যুত আমাৰ দলৰ ক্ষতি হ'ল ৷ তেওঁৰ মৃত্যুৰ সন্দৰ্ভত সৃষ্টি হোৱা বিতৰ্কক লৈ সভাপতি গৰাকীয়ে এই সন্দৰ্ভত তদন্তকাৰী সংস্থাই তদন্ত কৰিব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মুঠ ৮ খন জিলাৰ জিলা পৰিষদ আৰু স্বায়ত্বশাসিত পৰিষদসমূহৰ নিৰ্বাচিত প্ৰতিনিধি সকলক লৈ বিজেপি দলৰ প্ৰশিক্ষণ শিৱিৰ ডিফুত অনুষ্ঠিত হৈছে ৷ পৰৱৰ্তী সময়ত নলবাৰী আৰু ডিব্ৰুগড় জিলাত এনেধৰনৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ'ব বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সদৰী কৰে ৷

লগতে পঢ়ক : Protest in Dibrugarh: মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদত কঁপিল ডিব্ৰুগড়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.