ETV Bharat / state

কাৰ্বি আংলঙৰ পৰ্যালোচনা সভাত অভিভাৱক মন্ত্ৰী যোগেন মোহন

author img

By

Published : Jun 15, 2021, 11:04 PM IST

কাৰ্বি আংলঙ স্বায়ত্তশাসিত পৰিষদৰ পৰ্যালোচনা সভাত অভিভাৱক মন্ত্ৰী যোগেন মোহন ৷ কাৰ্বি আংলং স্বায়ত্ত পৰিষদৰ বছৰেকীয়া বাজেট বৃদ্ধিৰ পোষকতা ৷ জিলাখনৰ ৰাজহ বৃদ্ধি কৰিবলৈ কয়লা খননক বৈধ ভাবে নিয়মীয়াকৰণ কৰা হ’ব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷

minister jogen mohon attain a review meeting in diphu
কাৰ্বি আংলঙৰ পৰ্যালোচনা সভাত অভিভাৱক মন্ত্ৰী যোগেন মোহন

ডিফু, ১৫ জুন : সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ডিফু ভ্ৰমণ কৰি যোৱাৰ পিছত মঙলবাৰে অসম চৰকাৰৰ কেবিনেট তথা ৰাজহ আৰু পাৰ্বত্য উন্নয়ণ লগতে পাৰ্বত্য জিলা সমূহৰ তত্বাৱধায়ক মন্ত্ৰী যোগেন মোহন ডিফুত এক পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰে ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত পাহাৰীয়া জিলাখনৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে কয় যে, কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সাংসদ, বিধায়ক, ইএম, এমএচি, উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিভিন্ন বিভাগৰ বিষয়া আৰু ৰাজ্য চৰকাৰৰ খনি আৰু বনবিভাগৰ প্ৰতিনিধি বৰ্গৰে এক সৌহাৰ্দপূৰ্ণ আলোচনাত মিলিত হয় ৷

পৰ্যালোচনা সভাত বিশেষকৈ কাৰ্বি আংলং জিলাক উন্নয়নৰ শিখৰলৈ লৈ যোৱাৰ লগতে জিলাখনৰ অমীমাংসিত কেতবোৰ বিষয়লৈ আলোচনা কৰা হয় ৷ অসমৰ মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সপোন অনুযায়ী বৰাক-ব্ৰক্ষ্মপুত্ৰ পাহাৰ -ভৈয়াম আদিত সম উন্নয়ণ কৰা হয় সেই বিষয়ে আলোচনা কৰা হয় ৷

লগতে পৰিষদৰ বাৰ্ষিক বাজেট বৃদ্ধি কৰিবলৈ পৰিষদলৈ পৰিবহন আৰু আবকাৰী বিভাগক হস্তান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰে আলোচনাৰ জৰিয়তে পূৰ্বৰ চাৰিশ কোটিৰ পৰৱৰ্তে অধিক বাজেট গ্ৰহণ কৰাৰ বাবে কেবিনেট সিদ্ধান্তৰ বিবেচনা কৰা হ’ব বুলি মন্তব্য কৰে ৷

সীমা সমস্যাৰ লগতে পশ্চিম কাৰ্বি আংলং জিলাৰ সমস্যা সমূহ গুৰুত্ব সহকাৰে লৈ চৰকাৰৰ তৰফৰ পৰা পৰিষদক সহায় কৰা হ’ব বুলিও জনায় মন্ত্ৰীগৰাকীয়ে ৷ জিলাখনৰ প্ৰচুৰ প্ৰাকৃতিক সম্পদেৰে ভৰপুৰ পৰ্যটন থলী সমূহ যথেষ্ট সম্ভাৱনাপূৰ্ণ আছে বুলি মন্তব্য কৰে ৷

জিলাখনৰ শিক্ষা, বিদ্যুৎ, কৃষি ক্ষেত্ৰত দুৰ্বল সেইবোৰ উন্নত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ইয়াৰোপৰি জিলাখনত চলি থকা কয়লা খননক এতিয়া কেন্দ্ৰীয় চৰকাৰৰ অনুমতি সাপেক্ষে বৈধ খননৰ বাবে নিবিদা আহ্বান কৰা হ’ব বুলি জনায় ৷ জিলাখনৰ ৰাজহ বৃদ্ধি কৰিবলৈ কয়লা খননক বৈধ ভাবে নিয়মীয়াকৰণ কৰা হ’ব বুলি কয় ৷ উন্নয়ণ হলেহে শান্তি সম্ভৱ, সেয়ে পাহাৰীয়া জিলাখনৰ সামগ্ৰীক উন্নয়ণৰ বাবে টীম কাৰ্বি হৈ কাম কৰিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰী যোগেন মোহনে ৷

লগতে পঢ়ক :খহনীয়াৰ কৱলত বছৰি হাজাৰ হাজাৰ হেক্টৰ ভূমি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.