ETV Bharat / state

Gunotsav in Assam : ডিফুৰ গুণোৎসৱত মন্ত্ৰী যোগেন মহন - Gunotsav in Diphu girls high school

ডিফুৰ চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত গুণোৎসৱৰ বহিঃনিৰীক্ষকৰ ৰূপত পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগান মোহন (minister Jogen Mahan in Diphu for Gunotsav) । মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰে । উল্লেখ্য, বৰ্তমান জিলাখনৰ উপায়ুক্ত মধুমিতা ভাগৱতী আৰু স্বায়ত্তশাসিত পৰিষদৰ সচিব নিৰলা ফাংচপী এইখন বিদ্যালয়ৰে ছাত্ৰী আছিল ।

Diphu
Diphu
author img

By

Published : Jan 19, 2023, 8:27 PM IST

ডিফু চৰকাৰী বালিকা বিদ্যালয়ৰ গুণোৎসৱত মন্ত্ৰী যোগেন মহন

ডিফু, ১৯ জানুৱাৰী : সমগ্ৰ ৰাজ্যজুৰি চলি থকা চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱৰ অংশ স্বৰূপে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিদ্যালয়সমূহতো আৰম্ভ হৈছে গুণোৎসৱ (4th phase Gunotsav in Assam govt schools) ৷ এই লৈ বৃহস্পতিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুৰ চৰকাৰী বালিকা (Gunotsav in Diphu girls high school) উচ্চ মাধ্যমিক বিদ্যালয়ত বহিঃনিৰীক্ষকৰ ৰূপত অংশগ্ৰহণ কৰে জিলাখনৰ অভিভাৱক তথা পাৰ্বত্য উন্নয়ন মন্ত্ৰী যোগেন মহনে (minister Jogen Mahan in Diphu for Gunotsav) ।

বিয়লিভাগত উপস্থিত হোৱা মন্ত্ৰী যোগেন মহনক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি, সদস্য, শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে কৰধ্বনিৰে উষ্ম আদৰণি জনোৱাৰ লগতে পহ' আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ মন্ত্ৰীগৰাকীৰ লগত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ ইএম ৰিচাৰ্ড টকবী, জিলা উপায়ুক্ত মধুমিতা ভাগৱতী, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিৰেণছিং ইংতি ৷ মন্ত্ৰী যোগেন মহনে ছাত্ৰীসকলৰ সু-শৃংখলা, অভিবাদন আৰু সম্বৰ্ধনা গ্ৰহণ কৰি অভিভূত হৈ পৰা পৰিলক্ষিত হয় ৷

মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নিৰ্মল ছেত্ৰী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে মত বিনিময় কৰে ৷ ইয়াৰ উপৰি বিদ্যালয়খনৰ ছাত্ৰীসকলৰ গুণগত শিক্ষাৰ ক্ষেত্ৰত পূৰ্বৱৰ্তী আৰু বৰ্তমানৰ ফলাফলৰ লগতে বিদ্যালয়ৰ আন্তঃগাঁথনি, শিক্ষাৰ্থীসকলৰ উপস্থিতি সন্দৰ্ভতো আলোচনা কৰে ৷ ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ বুজ লোৱাৰ লগতে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ সৈতে মধ্যাহ্ন ভোজন গ্ৰহণ কৰে ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত পাৰ্বত্য উন্নয়ন তথা কাৰ্বি আংলং জিলাৰ অভিভাৱক মন্ত্ৰী যোগেন মহনে কয় যে চতুৰ্থ পৰ্যায়ৰ গুণোৎসৱৰ নিৰীক্ষণ আৰু মূল্যায়নৰ সময়ত ডিফু চৰকাৰী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰদৰ্শন সন্তোষজনক পাইছে ৷ বিদ্যালয়খনৰ গুণগত শিক্ষা ব্যৱস্থা আৰু আন্তঃগাঁথনি যথেষ্ট উন্নত হোৱা বুলিও মন্তব্য কৰে ৷ বালিকা বিদ্যালয় হিচাপে মহিলা সবলীকৰণৰ দিশত বিদ্যালয়খনে গৌৰৱ অৰ্জন কৰি থৈছে বুলি তেওঁ কয় ৷ কিয়নো বৰ্তমান জিলাখনৰ কৰ্তব্যৰত জিলা উপায়ুক্ত মধুমিতা ভাগৱতী আৰু পৰিষদৰ সচিব নিৰলা ফাংচপী এইখন বিদ্যালয়ৰে এসময়ৰ ছাত্ৰী আছিল বুলি তেওঁ উল্লেখ কৰে ৷

পাহাৰীয়া জিলাখনৰ অভিভাৱকসকল সজাগ নোহোৱাৰ বাবে গুণোৎসৱত বিদ্যালয়সমূহৰ গ্ৰেড কমি থাকে বুলিও প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, নতুন শিক্ষা নীতিৰ জৰিয়তে ডিফু বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত পৰৱৰ্তী সময়ত ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ মৰ্যাদাৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান হ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ গুণোৎসৱৰ জৰিয়তে শিক্ষা ব্যৱস্থা উন্নত কৰিব পাৰিব আৰু উন্নত গ্ৰেড লাভ কৰিবলৈ সক্ষম হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰি এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতাৰ বাবেও আহ্বান জনায় ৷ উল্লেখযোগ্য যে তথ্য অনুসৰি কাৰ্বি আংলং জিলাত মুঠ ৭ টা শিক্ষা খণ্ড ক্ৰমে বোকাজান, হাওৰাঘাট, লাংচ'মেপী, নিলীপ, লুম্বাজং, ৰংমংৱে' আৰু ছামেলাংচৰ ১০৭৮ খন বিদ্যালয়ত ৫৪৭ গৰাকী বহিঃনিৰীক্ষক আৰু মূল্যায়কে মূল্যায়ন আৰু নিৰীক্ষণ কৰিব বুলি জানিব পৰা গৈছে ৷

বহিঃনিৰীক্ষক আৰু মূল্যায়কে জিলাখনৰ ৭ টা খণ্ডৰ ৭৭,৯৬৩ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি ল'ব বুলি জানিব পৰা গৈছে ৷ বহিঃনিৰীক্ষক আৰু মূল্যায়কৰ ৰূপত থাকিব ক্ৰমে সাংসদ, বিধায়ক, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাং, পৰিষদৰ কাৰ্যবাহী সদস্যসকল, অধ্যক্ষ আৰু উপাধ্যক্ষৰ লগতে অন্যান্য বিষয়াসকল ৷

লগতে পঢ়ক :Gunotsav observed in Sivasagar: শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষামন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.