ETV Bharat / state

JJM Review: দেশৰ ভিতৰতে জলজীৱন মিছনৰ কাম নোহোৱা জিলা কাৰ্বি আংলং- জয়ন্ত মল্ল বৰুৱা

ডিফুত জলজীৱন মিছনৰ পৰ্যালোচনা বৈঠক ৷ জিলাৰ প্ৰকল্পসমূহ কি পৰ্যায়ত আছে তাৰ খতিয়ান ল'বলৈ উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷

author img

By

Published : Jul 13, 2023, 10:35 PM IST

REVIEW MEETING ON JJM AT DIPHU
দেশৰ ভিতৰতে জলজীৱন মিছনৰ কাম নোহোৱা জিলা কাৰ্বি আংলং

ডিফু, 13 জুলাই : অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বৃহস্পতিবাৰে এদিনীয়া কাৰ্যসূচীৰে ডিফুত উপস্থিত হৈ জলজীৱন মিছনৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷ পুৱা 9.30 বজাত ডিফুৰ আৰবৰেটাম আৰৱ ক্ৰাফ্ট চেণ্টাৰত হোৱা পৰ্যালোচনা বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙ, সাংসদ হৰেণছিং বে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী সদস্য মঙলছিং তিমুঙৰ লগতে বহু কেইগৰাকী কাৰ্যবাহী সদস্য, এমএচি, পৰিষদৰ বিষয়া-কৰ্মীৰ সৈতে আলেচনাত মিলিত হয় ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ জল জীৱন মিছন প্ৰকল্পৰ জৰিয়তে বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰা হৈছিল ৷ দেশৰ প্ৰতিগৰাকী লোকৰ বিপৰীতে 55 লিটাৰ পানী যোগানৰ ব্যৱস্থা কৰিবলৈ এই প্ৰকল্পৰ ব্যৱস্থা কৰিছিল প্ৰধানমন্ত্ৰীয়ে ৷ 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিঘৰলৈ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল যদিও কাৰ্বি আংলং জিলাত যেন ই অসাৰ প্ৰতিপন্ন হ'ল ৷ আজি স্বয়ং মন্ত্ৰীগৰাকীয়ে সমগ্ৰ দেশৰ ভিতৰতে জল জীৱন মিচনৰ কাম আৰম্ভ নোহোৱা জিলাৰূপে কাৰ্বি আংলং জিলাক অভিহিত কৰে ৷

এই পৰ্যালেচনা বৈঠকত পৰিষদৰ মূখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জল জীৱন মিছনৰ সৈতে জড়িত বিষয়া সকলক উদ্দেশ্য কৰি কয় যে, জল জীৱন মিছনৰ কাম নকৰা জিলা হিচাপে আমি দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছো ৷ আমি ভাল কামৰে নহয়, বেয়া‌ কামেৰেহে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছো ৷ সেয়ে, পৰিষদৰ 26 টা সমষ্টি ভিত্তিক এই মিছন সফল কৰি তুলিবলৈ আমি আৰু অধিক কষ্ট কৰিব লাগিব ৷

আনহাতে, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমাধ্যমৰ আগত কয়, "প্ৰধানমন্ত্ৰীৰ এই সপোনৰ প্ৰকল্পৰ জৰিয়তে প্ৰতি ব্যক্তিক আমি 55 লিটাৰলৈ বিশুদ্ধ খোৱা পানী যোগান ধৰাটো নিশ্চিত কৰিব লাগিব দুয়োখন পাৰ্বত্য জিলাত এই প্ৰকল্পৰ 100 শতাংশ সফলতাৰ বাবে আমি আজি এই পৰ্যালোচনা সভাখন অনুষ্ঠিত কৰিছিলো ৷ দুয়োখন জিলাৰ প্ৰকল্প সমূহ কি পৰ্যায়ত আছে তাৰ আজি আমি খতিয়ান ল'বলৈ চেষ্টা কৰিছো ৷ কাৰণ প্ৰধানমন্ত্ৰীৰ আগ্ৰহ অনুসৰি 2024 চনৰ আগে আগে আমি এই মিছন সফল কৰি তুলিব লাগিব ৷ তাৰ কাৰণে আমি কাম কৰি আছো আৰু ইয়াত ইটো বিভাগৰ সৈতে সিটো বিভাগৰ সমন্বয় থাকিব লাগিব ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং যিহেতু পাৰ্বত্য এলেকা আৰু বহু দুৰ্গম অঞ্চলেৰে পৰিপূৰ্ণ সেয়ে ইয়াত কাম কৰাত কিছু জটিলতা আছে ৷ সেয়ে আমি পৰিষদৰ পূৰ্ণ সহযোগ লাভ কৰিব লাগিব ৷"

লগতে পঢ়ক: Karbi Anglong Congress: কাৰ্বি আংলঙৰ প্ৰস্তাৱিত সৌৰ প্ৰকল্পস্থলী পৰিদৰ্শন কংগ্ৰেছৰ সঁজাতী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.