ডিফু,৯ ফেব্ৰুৱাৰী : পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত বুধবাৰে উদ্বোধন কৰা হয় চৰকাৰৰ খনি আৰু খনিজাত সামগ্ৰীৰ এটি শাখা কাৰ্যালয় ৷ কাৰ্বি আংলঙৰ বুকুত থকা কয়লা খননৰ বাবে চৰকাৰে পদক্ষেপ হাতত লোৱাৰ সময়তে ডিফুত খনি বিভাগৰ জিলা কাৰ্যালয় মুকলি কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷ অসম চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ মন্ত্ৰী যোগেন মহনে ডিফুত উপস্থিত হৈ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ পুৰণি সচিবালয় ভৱনত থকা কাৰ্যালয়টো শুভ উদ্বোধন কৰে (Minister Jogen Mahan inaugurates new office)৷
মন্ত্ৰী গৰাকীয়ে কাৰ্যালয়টো উদ্বোধন কৰাৰ পাছত সাংবাদিকৰ সৈতে বাৰ্তালাপত কাৰ্যালয়টোত প্ৰাথমিকভাৱে চাৰিগৰাকী কৰ্মচাৰীক নিযুক্তি প্ৰদান কৰাৰ লগতে খনি সম্পৰ্কীয় ভালেখিনি গুৰুত্বপূৰ্ণ কাম সম্প্ৰতি গুৱাহাটীলৈ নোযোৱাকৈ এই কাৰ্যালয়ৰ পৰাই কৰিব পৰা যাব বুলি মন্তব্য কৰে ৷ কাৰ্বি আংলঙৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত থকা প্ৰাকৃতিক সম্পদসমূহ খননৰ জৰিয়তে চৰকাৰে অধিক ৰাজহ লাভ কৰাৰ পথ প্ৰশস্ত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে ৷ বিভাগটোক অধিক শক্তিশালী কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰি বিভাগটোৰ ইতিমধ্যে কাছাৰ, তিনিচুকীয়া, যোৰহাট, শিৱসাগৰ ,ডিমা হাচাওকে ধৰি ৬ টা কাৰ্যালয় মুকলি কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷
খনিজাত সামগ্ৰী খননৰ বাবে চৰকাৰী জৰীপ অব্যাহত থকা বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে ইয়াৰ পৰা পাহাৰীয়া জিলাখনে অধিক লাভান্বিত হ'ব ৷ অনুষ্ঠানটোত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, কেইবাগৰাকী কাৰ্যবাহী সদস্য এমএলএ, পৰিষদীয় সদস্য আৰৱ ডিজিএম উপস্থিত থাকে ৷ ইয়াৰ পাছত মন্ত্ৰীগৰাকী কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ বিভাগীয় বিষয়া-কৰ্মীৰ সৈতে পৰিষদৰ সচিবালয়ৰ সভাকক্ষত এক পৰ্যালোচনা বৈঠকত মিলিত হয় ৷
লগতে পঢ়ক :Journalist attacked in Chirang: চিৰাঙৰ সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ উত্তাল ৰাজ্য