ETV Bharat / state

Cheques Distribution at Diphu: ডিফুত মাইক্ৰ’ফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ কিস্তিৰ ধন বিতৰণ - Cheques Distribution under microfinance loan

কাৰ্বি আংলং জিলাত মাইক্ৰ’ফাইনেন্সৰ চেক বিতৰণ কাৰ্যসূচীত মন্ত্ৰী যোগেন মহন ৷ কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফুৰ লাংকুং হাবেত(টাউন হলত) আয়োজন কৰা হয় চেক বিতৰণ কাৰ্যসূচীৰ (Cheques Distribution under microfinance loan waiver scheme)। ৪২৮ গৰাকী মহিলালৈ কাৰ্যসূচীত চেক বিতৰণ কৰা হয় ।

micro finance 2nd installment distributed at Diphu by minister jogen mohan
Cheques Distribution at Diphu: ডিফুত মাইক্ৰফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ কিস্তিৰ ধন বিতৰণ কাৰ্বি আংলং জিলা-যোগেন মহন
author img

By

Published : Nov 2, 2022, 3:18 PM IST

কাৰ্বি আংলং,১নৱেম্বৰ: ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মাইক্ৰ’ফাইনেন্সৰ হিতাধিকাৰী মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । মহিলাসকলৰ আৰ্থিক দিশত সহায়ক হোৱাৰ বাবে চৰকাৰে বিভিন্ন জিলাত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি, ২০২১ৰ (Assam Micro Finance Incentive and Relief Scheme) অধীনত চেক বিতৰণ কৰিছে । শেহতীয়াকৈ মঙলবাৰে কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফুৰ লাংকুং হাবেত(টাউন হলত) আয়োজন কৰা হয় চেক বিতৰণৰ বিশেষ কাৰ্যসূচী (Cheques Distribution under microfinance loan waiver scheme)।

Cheques Distribution at Diphu: ডিফুত মাইক্ৰফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ কিস্তিৰ ধন বিতৰণ কাৰ্বি আংলং জিলা-যোগেন মহন

অনুষ্ঠানত ৪২৮ গৰাকী মহিলালৈ চেক বিতৰণ কৰা হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে(KAAC Chief Tuliram Ranghang) অসম চৰকাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলৰ বাবে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে । অসম চৰকাৰে বিপিএল কাৰ্ড থকা লোকসকলৰ বাবে বছৰি ৫ লাখ টকাকৈ স্বাস্থ্য বীমা প্ৰদান কৰাৰ আচঁনি সম্পৰ্কে উল্লেখ কৰি এই আচঁনিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলক স্বাস্থ্য সেৱা লাভ কৰাত যথেষ্ট সুবিধা হ'ব বুলি উল্লেখ কৰে(Cheques Distribution in Karbi Anglong) ।

micro finance 2nd installment distributed at Diphu by minister jogen mohan
Cheques Distribution at Diphu: ডিফুত মাইক্ৰফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ কিস্তিৰ ধন বিতৰণ কাৰ্বি আংলং জিলা-যোগেন মহন

অসম চৰকাৰে আত্মসহায়ক গোটসমূহক ১০ হাজাৰৰ পৰা ১ লাখ টকালৈ অনুদান প্ৰদান কৰিছে বুলি উল্লেখ কৰি এনে অনুদানে সামূহিকভাৱে গোটসমূহক উৎপাদনশীল হবলৈ অনুপ্ৰাণিত কৰিব বুলি দাবী কৰে । মন্ত্ৰী যোগেন মহনে সভাত ভাষণ প্ৰদান কৰি মহিলাসকলক আৰ্থিকভাৱে সবল কৰাৰ বাবে অসম চৰকাৰে এই আচঁনি গ্ৰহণ কৰা বুলি উল্লেখ কৰে । তেওঁ কয় যে চৰকাৰী চাকৰি দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি । সেয়ে, নিবনুৱাসকলক আৰু বিশেষকৈ মহিলাসকলক স্বাৱলম্বী আৰু আৰ্থিকভাৱে স্বচ্ছল কৰি তোলাৰ বাবে মুখ্যমন্ত্ৰীয়ে ২০২১ চনৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতিস্বৰূপে এই আচঁনি গ্ৰহণ কৰিছে ।

তেওঁ লগতে কয় যে আমাৰ গ্ৰাম্যাঞ্চলৰ বহু মহিলাই ঋণ লওঁতে প্ৰয়োজনীয় তথ্য-পাতি পঢ়িব নজনাৰ ফলত স্বাক্ষৰ প্ৰদান কৰে । ফলত ঋণৰ সৈতে সম্পৰ্কিত চৰ্তসমূহ তেওঁলোকে বুজি নুঠে আৰু ঋণ পৰিশোধ কৰিব নোৱাৰি চক্ৰবৃদ্ধি সুতৰ কবলত পৰে । চৰকাৰে সেয়ে এনে মহিলাসকলক ঋণ ঘূৰাই দিয়াৰ লগতে বেংকত চিভিল ভাল কৰি দিছে যাতে তেওঁলোকে পুনৰ বেংকৰ পৰা ঋণ লোৱাত কোনো সমস্যাৰ সন্মুখীন হ'বলগীয়াত নপৰে । মহিলাসকলৰ বাবে চৰকাৰে যুগুত কৰা ইন্দিৰা মিৰি, অৰুণোদয় আদি আচঁনি সফলভাৱে ৰূপায়ণ কৰি আহিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মহিলাসকলৰ বাবে প্ৰস্তুত কৰা আচঁনি ৰূপায়ণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰ যথেষ্ট সজাগ ।

কাৰ্বি আংলং জিলা অসমৰ ভিতৰতে এক দ্ৰুত গতিত উন্নয়ন হোৱা জিলা বুলি উল্লেখ কৰি আগন্তুক দিনত পৰ্যটন ক্ষেত্ৰৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো জিলাখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশাব্যজ্ঞক বক্তব্য প্ৰদান কৰে । কাৰ্বি আংলং জিলাই‌ নতুন গতিলৈ ধাৱমান হৈছে বুলি উল্লেখ কৰি পাৰ্বত্য এলেকা উন্নয়ন মন্ত্ৰীৰূপে জিলাখনৰ উন্নয়ন দেখি মন্ত্ৰী যোগেন মহনে যথেষ্ট আনন্দিত বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে । সমগ্ৰ অসমত মাইক্ৰ'ফাইনেন্সৰ দ্বিতীয় পৰ্যায়ৰ ঋণৰ কিস্তি প্ৰদানৰ ক্ষেত্ৰত এইবাৰ ৯৪,১১৭ গৰাকী হিতাধিকাৰী লাভাম্বিত হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে(Cheques Distribution at Diphu) ।

চেক বিতৰণ কাৰ্যসূচীত মন্ত্ৰী মহনৰ উপৰি কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং, উপায়ুক্ত মধুমিতা ভাগৱতী, পৰিষদৰ কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু এমএচি উপস্থিত থাকে(Karbi Anglong Autonomous Council) ।

লগতে পঢ়ক: SC noticed to Assam govt: চৰকাৰী মাদ্ৰাছা সন্দৰ্ভত অসম চৰকাৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.