ডিফু, 28 ডিচেম্বৰ: আন্তঃৰাজ্যিক সীমা সমস্যা(Interstate boundary dispute) সমাধানৰ বাবে অসম চৰকাৰে চুবুৰীয়া ৰাজ্য সমূহৰ সৈতে আলোচনা তথা প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও চুবুৰীয়া ৰাজ্যসমূহৰ একাংশ দুৰ্বৃত্তই অসমৰ ভূমিত অব্যাহত ৰাখিছে নানা দুষ্কাৰ্য ৷ এইবাৰ পুনৰ অসম-মেঘালয়ৰ(Assam Meghalaya border) কাৰ্বি ভূমিত তাণ্ডৱ চলালে একংশ মেঘালয়ৰ দুৰ্বৃত্তই(Meghalaya miscreants) ৷
নৱ নিৰ্মিত উমলাফেৰ-হাবাং সংযোগী PMGSYৰ(Pradhan Mantri Gram Sadak Yojana) পথত কালভাৰ্টৰ ৱালৰ লগতে কেইবাটাও মাইল প’ষ্ট আৰু পথৰ নাম ফলকৰ বাবে নিৰ্মাণ কৰা পকী খুঁটা ভাঙি লণ্ডভণ্ড মেঘালয়ৰ দুৰ্বৃত্তৰ ৷ মঙলবাৰে নিশা মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে সংঘটিত কৰে এই ঘটনা ৷ স্মৰ্তব্য যে, ২০১৮ চনত এই পথঠোৱাৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰে পৰা একাংশ মেঘালয়ৰ দুৰ্বৃত্তই ধাৰাবাহিকভাৱে সংঘটিত কৰি আহিছে বিভিন্ন দুষ্কাৰ্য ৷ পূৰ্বেও বহুবাৰ পথছোৱাৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ শ্ৰমিকৰ শিবিৰত আক্ৰমণ সংগটিত কৰিছিল খাচী দুৰ্বৃত্তই(Meghalaya miscreants attacked on border area) ৷
মেঘালয়ৰ দুৰ্বৃত্তই উমলাফেৰ-হাবাং সংযোগী পথছোৱাৰ উমপাকালামত ২০১৮ চনত জ্বলাই ভস্মীভূত কৰিছিল পথ নিৰ্মাণত ব্যৱহাৰ কৰা এখন ৰ’লাৰ ৷ কেৱল সিমানেই নহয়, চলিত বৰ্ষৰ মাৰ্চ মাহতো মেঘালয়ৰ দুৰ্বৃত্তই পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ এখন ডাম্পাৰত অগ্নি সংযোগ কৰি ভস্মীভূত কৰিছিল ৷
পুনৰ অঞ্চলটোত মেঘালৰ দুৰ্বৃত্তই সংঘটিত কৰা দুষ্কাৰ্যৰ ঘটনাই শংকিত কৰি তুলিছে অঞ্চলবাসীক ৷ নিশা এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি মেঘালয়ৰ দুৰ্বৃত্তই দীৰ্ঘ দিনৰ পৰা অসমৰ ভূমিত অৰ্থাৎ অসম-মেঘালয়ৰ সীমান্তৱৰ্চী অঞ্চলত চলাই আহিছে তাণ্ডৱ ৷ যাৰ বাবে এতিয়া জীৱন-সম্পত্তিৰ নিৰাপত্তাহীনতাত ভুগিছে সীমান্তবাসী অসমীয়া ৷
উল্লেখ্য যে, নৱেম্বৰ মাহতো অসম আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত হৈছিল মেঘায়ৰ দুৰ্বৃত্ত(Assam Meghalaya conflict) ৷ অসমৰ বনাঞ্চলত অনাধিকাৰ প্ৰৱেশ আৰু গছ কটাক লৈ মেঘালয়ৰ দুৰ্বৃত্তৰ অসম আৰক্ষী আৰু বনকৰ্মীৰ লগতে হোৱা সংঘাতৰ ফলত মৃত্যু হৈছিল 6 মেঘালয়ৰ দুৰ্বৃত্তৰ ৷ যাৰ ফলশ্ৰুতিত অসম আৰু মেঘালয়ৰ মাজৰ যোগাযোগত সৃষ্টি হৈছিল একপ্ৰকাৰৰ অচলাৱস্থা ৷ কিন্তু তাৰ পিছতো অসমৰ ভূমিত শেন চকু একাংশ মেঘালয়ৰ দুৰ্বৃত্তৰ ৷
মন কৰিবলগীয়া যে, অসম আৰু মেঘালয়ৰ মাজত চলি থকা দশকজোৰা সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ(HM Amit shah) উপস্থিত দিল্লীত চুক্তিত স্বাক্ষৰ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা(CM Himanta Biswa Sarma) আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই(CM Conrad Sangma) ৷ লগতে, দুয়োখন ৰাজ্যৰ মাজত মুখ্যমন্ত্ৰী পৰ্যায়ৰ কেইবালানীও বৈঠক হৈছিল ৷ চুক্তি অনুসৰি বহু কেইটা বিবদমান এলেকাৰ মীমাংসা কৰা হৈছিল যদিও এই সীমা সমস্যাৰ স্থায়ী সমাধান কেতিয়া হয়, সেয়াহে লক্ষণীয় বিষয় ৷
লগতে পঢ়ক: Inter state boundary dispute : আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ দিশে এখোজ