ETV Bharat / state

ডিফুত বিবাহিতা মহিলাৰ আত্মহত্যা

author img

By

Published : Mar 29, 2021, 7:52 PM IST

ডিফু চহৰৰ চৰ্দাৰপট্টি এলেকাত পুৰণি বটল আৰু কাৰ্টুন বিক্ৰেতা ৱকিল সিঙৰ পত্নী অঞ্জলী সিঙে দেওবাৰে নিশা বাসগৃহৰ বাহিৰৰ এজোপা গছত চীপলৈ আত্মহত্যা কৰে ৷

married women suicide in Diphu
ডিফুত বিবাহিতা মহিলাৰ আত্মহত্যা

ডিফু, ২৯ মাৰ্চ: কাৰ্বি আংলং জিলাৰ সদৰ ডিফুত সোমবাৰে এগৰাকী বিবাহিতা মহিলাই চীপলৈ আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডিফু চহৰৰ চৰ্দাৰপট্টি এলেকাত পুৰণি বটল আৰু কাৰ্টুন বিক্ৰেতা ৱকিল সিঙৰ পত্নী অঞ্জলী সিঙে দেওবাৰে নিশা বাসগৃহৰ বাহিৰৰ এজোপা গছত চীপলৈ আত্মহত্যা কৰে ৷

আজি পুৱা এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পাছতেই আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ মৃত মহিলাগৰাকীয়ে স্বামী আৰু এটি শিশু সন্তানক ইহ সংসাৰত এৰি থৈ গৈছে ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত ডিফু আৰক্ষী ১১/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : ডিমা হাচাওত নিৰ্বাচনৰ কামত গৃহৰক্ষী বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাছ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.